গোলাঘাট, 16 ছেপ্তেম্বৰঃগোলাঘাট বিধান সভাৰ সমষ্টিৰ পুলিবৰ গাঁও পঞ্চায়ৰ অন্তৰ্গত কাৱৰু গাঁওৰ এটা পথে জলাকলা খুৱাইছে স্থানীয় ৰাইজক। বোকাময় পথৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে সাধাৰণ ৰাইজ । বাৰিষা বতৰত জৰাজীৰ্ণ পথটোৱে বাৰুকৈয়ে জলা-কলা খুৱাইছে কাৱৰুগাঁৱৰ ৰাইজক । এই পথেৰে গাড়ী মটৰ দূৰৰে কথা, চাইকেল চলাই বা খোজ কাঢ়ি যোৱাটোও অসম্ভৱ হৈ পৰিছে ।
অজন্তা নেওগৰ সমষ্টিত ৰাইজৰ দুৰ্দশাঃ পথত ভূঁই ৰুই কৰিলে প্ৰতিবাদ - undefined
পথৰ অৱস্থা ইমানেই শোচনীয় যে, প্ৰতিবাদ কৰি থকাৰ মাজতেই হঠাতে পিছলি পৰিল এগৰাকী বৃদ্ধা ৷ বোকাময় পথছোৱাৰে এগৰাকী বৃদ্ধা পাৰ হওতেই বাগৰি পৰিল বোকাত ।

ফলত গাঁও বাসীয়ে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে । পথটোৰ কাষতে থকা কাৱৰুগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোলৈ ৰোগী অহা-যোৱাৰ ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে । পথটোৰ দুৰৱস্থাৰ বাবে বহুসময়ত দুৰ্ঘটনাও সংঘটিত হৈছে । অতি সোনকালে এই পথটো যোগাযোগৰ বাবে সুচল কৰি ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে সজোৰে দাবী জনাইছে স্থানীয় ৰাইজে ।
পথৰ অৱস্থা ইমানেই শোচনীয় যে, প্ৰতিবাদ কৰি থকাৰ মাজতেই হঠাতে পিছলি পৰিল এগৰাকী বৃদ্ধা ৷ বোকাময় পথছোৱাৰে এগৰাকী বৃদ্ধা পাৰ হওতেই বাগৰি পৰিল বোকাত ।
TAGGED:
গোলাঘাট।