অসম

assam

ETV Bharat / state

নিৰ্গত খাৰুৱা তেল পৰ্যবেক্ষণৰ বাবে তামুলীপথাৰত অইলৰ লোক

সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে শুকুৰবাৰে গোলাঘাট জিলাৰ তামুলীপথাৰত উপস্থিত হয় অইল ইণ্ডিয়াৰ এটা পৰ্যবেক্ষণকাৰী দল ।

golaghat_oil india pipe leaking
নিৰ্গত খাৰুৱা তেল পৰ্যবেক্ষণৰ বাবে তামুলীপথাৰত অইলৰ লোক

By

Published : Sep 12, 2020, 2:18 PM IST

গোলাঘাট, ১২ ছেপ্টেম্বৰ: অইল ইণ্ডিয়াৰ পাইপ লাইনৰে খাৰুৱা তেল নিৰ্গত হৈ ক্ষতি হৈছে গোলাঘাট জিলাৰ তামুলীপথাৰৰ বিস্তৃত কৃষি ভূমি । কিছুদিনৰ পূৰ্বে খাৰুৱা তেল পৰিবাহী এডাল পাইপ স্থাপন কৰিছিল অইল ইণ্ডিয়া কতৃপক্ষই । তামুলীপথাৰ অঞ্চলৰ কৃষিভূমিৰ মাজেৰে পাৰ হৈ যোৱা পাইপডালেৰে বৰ্তমান খাৰুৱা তেল নিৰ্গত হৈ অঞ্চলটোত বিনষ্ট হৈছে বিস্তৃত কৃষি ভূমি ।

নিৰ্গত খাৰুৱা তেল পৰ্যবেক্ষণৰ বাবে তামুলীপথাৰত অইলৰ লোক

অন্য এক খবৰৰ বাবে: লখিমপুৰত মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

এই বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে তামুলীপথাৰত উপস্থিত হয় অইল ইণ্ডিয়াৰ এটা পৰ্যবেক্ষণকাৰী দল । দলটোৱে অঞ্চলটোৰ বিভিন্ন দিশ পৰ্যাবেক্ষণ কৰি পথাৰত তেল পৰিবাহী পাইপৰ পৰা নিৰ্গত হোৱা খাৰুৱা তেলৰ কিছু পৰিমানৰ তেল উঠাই নিয়া পৰিলক্ষিত হয় । লগতে অইল ইণ্ডিয়াৰ উৰ্দ্ধতম কৰ্তৃপক্ষই প্ৰেৰণ কৰা পৰ্যবেক্ষণকাৰী দলটোৱে সংগ্ৰহ কৰিলে অঞ্চলটোত বিনষ্ট হোৱা বিস্তৃত কৃষি ভূমিৰ লগতে পৰি ৰোৱা খাৰুৱা তেলৰ দৃশ্য ৷

নিৰ্গত খাৰুৱা তেল পৰ্যবেক্ষণৰ বাবে তামুলীপথাৰত অইলৰ লোক

ABOUT THE AUTHOR

...view details