গোলাঘাট,1 জানুৱাৰীঃএফালে ৰাজ্যত নাগৰিকত্ব সংশোধনী আন্দোলনৰ সমস্যা তাৰ মাজতে বন্যহস্তীৰ তাণ্ডৱে কোঙা কৰিছে ৰাজ্যৰ জনতাক ৷ খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ দলে বিভিন্ন প্ৰান্তত সংঘটিত কৰি আহিছে অপ্ৰীতিকৰ পৰস্থিতিৰ ৷ ক্ৰমাৎ বৃদ্ধি পাই অহা হস্তী মানৱৰ সংঘাতে ভয়াৱহ ৰূপ লোৱাৰ সময়তে গোলাঘাট জিলাত পুনৰ বন্যহস্তীৰ তাণ্ডৱ ৷ গোলাঘাটৰ নুমলীগড়ৰ লেটেকু চাহ বাগিচাত অব্যাহত আছে হাতী মানুহৰ সংঘাত। বিগত কেইবাদিনো ধৰি এটা পোৱালিসহ বৃহৎ বন্যহস্তীৰ জাকে অৱস্থান কৰি আছে চাহ বাগিচা খনত। কেবাদিনো ধৰি ত্ৰাসৰ সৃষ্টি কৰিছে সমগ্ৰ বাগিচাখনতে। হাতীৰ জাকটোক খেদি পঠাবলৈ স্থানীয় লোকসকলে চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হ'ব পৰা নাই।
গোলাঘাট জিলাত পুনৰ বন্যহস্তীৰ তাণ্ডৱ - GOLAGHAT NUMOLIGARH ELEPHANT TERROR
হস্তী মানৱৰ সংঘাতে ভয়াৱহ ৰূপ লোৱাৰ সময়তে গোলাঘাট জিলাত পুনৰ বন্যহস্তীৰ তাণ্ডৱ ৷ গোলাঘাটৰ নুমলীগড়ৰ লেটেকু চাহ বাগিচাত অব্যাহত আছে হাতী মানুহৰ সংঘাত। বিগত কেইবাদিনো ধৰি এটা পোৱালিসহ বৃহৎ বন্যহস্তীৰ জাকে অৱস্থান কৰি আছে চাহ বাগিচা খনত।
গোলাঘাট জিলাত পুনৰ বন্যহস্তীৰ তাণ্ডৱ
ইফালে হাতীৰ জাকটোৰ ভয়ত বাগিচা খনত কাম কৰিবলৈ নোযোৱা হৈছে শ্ৰমিক সকল। হাতীৰ জকটোক আঁতৰাই পঠাবলৈ বন বিভাগে এই পৰ্যন্ত লোৱা নাই কোনো ব্যৱস্থা। এফালে খাদ্য আৰু বাসস্থানৰ অভাৱত পৰা হাতীৰ জাক আনফালে নিজৰ ঘৰ,খেতি পথাৰ খন বচাবলৈ চেষ্টা কৰি থকা অসহায় জনতাই শীঘ্ৰেই বনবিভাগক হাতীৰ জাকটোক আতৰাই পঠাবলৈ আহ্বান জনাইছে ৷
লগতে চাওকঃ CAA আন্দোলন:1000 কোটি টকাৰ ক্ষতি ৰাজ্যৰ পৰ্যটন বিভাগৰ