অসম

assam

ETV Bharat / state

এইবাৰ অইল ইণ্ডিয়া লিমিটেডৰ শেন চকু নুমলীগড়ৰ ওপৰত - golaghat numaligarh mountain destroy by oil etv Bharat Assam

অইল ইণ্ডিয়াৰ কৰ্ম কাণ্ডৰ বাবেই কছাৰী ৰাজত্বৰ শেষ অস্তিত্ব "নুমলীগড়" টো খান্দি দুচেও কৰি বহুৱাইছে অইলৰ পাইপ। স্থানীয় প্ৰশাসনৰ অগোচৰেই অইল ইণ্ডিয়াই নিজ খেয়ালখুচিত এনেদৰে ঐতিহাসিক নুমলীগড়টো কটা কাৰ্য্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নুমলীগড়ত।

Numaligarh refinery
এইবাৰ অইল ইণ্ডিয়া লিমিটেডৰ শেন চকু নুমলীগড়ৰ ওপৰত

By

Published : Jun 16, 2020, 7:21 PM IST

নমুলীগড়,16 জুনঃবাঘজানৰ পিছত এইবাৰ অইল ইণ্ডিয়া লিমিটেডৰ চকুঐতিহাসিক নুমলীগড়ৰ ওপৰত। এইবাৰ অইলৰ বুলড'জাৰ চলিল ঐতিহাসিক নুমলীগড়ত । অইল ইণ্ডিয়াৰ কৰ্ম কাণ্ডৰ বাবেই কছাৰী ৰাজত্বৰ শেষ অস্তিত্ব "নুমলীগড়" টো খান্দি দুচেও কৰি বহুৱাইছে অইলৰ পাইপ। স্থানীয় প্ৰশাসনৰ অগোচৰেই অইল ইণ্ডিয়াই নিজ খেয়ালখুচিত এনেদৰে ঐতিহাসিক নুমলীগড়টো কটা কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নুমলীগড়ত।

নুমলীগড়
ইতিমধ্যেই সদৌ অসম ছাত্ৰ সন্থা,অসম চাহ জনজাতি ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠন জাঙুৰ খাই উঠিছে অইলৰ বিৰুদ্ধে ৷ দল সংগঠনে এই ঘটনা সন্দৰ্ভত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ প্ৰশ্ন হয় ৰাজ্যৰ বিয়াগোম পুৰাতাত্বিক বিভাগ এটা থকাৰ পাছটো কেনেদৰে অইল ইণ্ডিয়া লিমিটেডে বুলড'জাৰ চলালে ঐতিহাসিক নুমলীগড়ত ।

ABOUT THE AUTHOR

...view details