অসম

assam

ETV Bharat / state

গোলাঘাটত তীব্ৰ উত্তেজনা : যুৱকক লপা-থপা - গোলাঘাটত তীব্ৰ উত্তেজনা

নগা উগ্ৰপন্থী সদস্যৰ সন্দেহত গোলাঘাটত দুজন যুৱকক লপা-থপা দিয়ে স্থানীয় ৰাইেজ ৷ যুৱকদুজনে অঞ্চলবাসীক কৰি আহিছিল ধন-দাবী ৷

গোলাঘাটত তীব্ৰ উত্তেজনা

By

Published : Aug 15, 2019, 7:52 PM IST

গোলাঘাট,15আগষ্ট : গোলাঘাটত তীব্ৰ উত্তেজনা ৷ গোলাঘাট জিলাৰ মেৰাপানী সীমান্তৰ ইন্দ্ৰপুৰত বুধবাৰে সন্ধিয়া দুজন এন এচ চি এনৰ সদস্যই প্ৰৱেশ কৰি ধন দাবী কৰে অঞ্চলবাসীক ৷ এই ঘটনাৰ পাছতেই অঞ্চলটোত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ ৷ চি আৰ পি এফ বাহিনীৰ তহলৰ মাজতেই নগা উগ্ৰপন্থী সংগঠনৰ বুলি সন্দেহ কৰা থাংযাম' লুথা আৰু এলানথাং নামৰ যুৱক দুজনক স্থানীয় ৰাইজে আটক কৰি উত্তম-মধ্যম শোধাই ৷

গোলাঘাটত তীব্ৰ উত্তেজনা

উল্লেখ্য যে, পূৰ্বতেও উক্ত গাঁওখনত ধনদাবী কৰিবলৈ আহি আটক হৈছিল থাংযাম' লুথা নামৰ এন এচ চি এনৰ সদস্যজন । ইফালে,ঘটনাস্থলীৰ পৰা চি আৰ পি এফে সদস্য দুজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে ৷

ABOUT THE AUTHOR

...view details