অসম

assam

ETV Bharat / state

অসমৰ গোধনৰ ওপৰত শেনচকু নগা সশস্ত্ৰ আৰক্ষী বাহিনীৰ

গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তত নগা সশস্ত্ৰ আৰক্ষী বাহিনীয়ে গোধন হত্যা কৰি লৈ যায় 7 নং এন.এ.পি.ৰ শিৱিৰলৈ

অসম নাগালেণ্ড সীমান্তত উত্তেজনা

By

Published : Apr 19, 2019, 11:13 PM IST

গোলাঘাট,১৯ এপ্ৰিল : গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ মেৰাপানী বাৰেঘৰীয়াত নগা সশস্ত্ৰ আৰক্ষী বাহিনী চমুকৈ এন.এ.পি.ৰ জোৱানৰ তাণ্ডৱ । গৰাকীৰ চকুৰ সন্মুখতে গোধন হত্যা কৰি আৰক্ষী শিৱিৰলৈ লৈ যোৱাক কেন্দ্ৰ কৰি ক্ষোভিত হৈ পৰে সীমান্তবাসী ৰাইজ। ভেলৌগুৰি বাৰেঘৰীয়াৰ সমীপত অৱস্থিত 7নং এন.এ.পি.ৰ শিৱিৰলৈ অসমৰ গৰু গুলীয়াই লৈ যোৱা হৈছে বুলি অভিযোগ স্থানীয় ৰাইজৰ । নগা সশস্ত্ৰ আৰক্ষী জোৱানে অসমৰ মাটিত এনে ঘটনা দীৰ্ঘদীন ধৰি সংঘটিত কৰি অহাৰ অভিযোগ । শুকুৰবাৰে পুৱা 7নং এন.এ.পি. শিৱিৰটোৰ সমীপত হঠাতে গুলীৰ শব্দ শুনি বুটুল কৰ্দ্দ নামৰ লোকজনে বাহিৰলৈ ওলাই আহি গাই-গৰু এজনীক কেইজনমান নগাই হত্যা কৰি শিৱিৰলৈ লৈ যোৱা প্ৰত্যক্ষ কৰে ।

অসম নাগালেণ্ড সীমান্তত উত্তেজনা

আনহাতে, বুটুল কৰ্দ্দে নগা সশস্ত্ৰ আৰক্ষী বাহিনীৰ শিৱিৰলৈ এই অভিযোগ দাখিল কৰিবলৈ যাওঁতেই এন.এ.পি.জোৱানসকলে দু:ব্যৱহাৰ কৰি খেদি পঠিয়াই । অঞ্চলটোত প্ৰায়ে নগা সশস্ত্ৰ আৰক্ষী জোৱানে কৃষিজীৱী লোকসকলৰ পশুধন মাৰি ভক্ষণ কৰি আহিছে বুলি স্থানীয় লোকসকলে অভিযোগ তুলি উত্তেজিত হৈ পৰে । অৱশেষত উত্তেজিত ৰাইজৰ সন্মুখত মেৰাপানী আৰক্ষী আৰু 142 চি.আৰ.পি.এফ. বাহিনী উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি দোষীক উচিত শাস্তি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

ABOUT THE AUTHOR

...view details