অসম

assam

ETV Bharat / state

নামবৰ বিজুলী বনাঞ্চলত বনৰীয়া হাতীৰ বাবে কলপুলি ৰোপন - নামবৰ বিজুলী বনাঞ্চলত বনৰীয়া হাতীৰ বাবে কলপুলি ৰোপন

গোলাঘাটত নামবৰ বিজুলী বনাঞ্চলত বনৰীয়া হাতীৰ খাদ্যৰ বাবে দুশ কলপুলি ৰোপন কৰে ফলঙনীৰ একাংশ যুৱকে ৷ হাতী-মানুহৰ সংঘাটৰ উপশম ঘটাবলৈ যলঙনীৰ যুৱকসকলৰ এই পদক্ষেপ ৷

নামবৰ বিজুলী বনাঞ্চলত বনৰীয়া হাতীৰ বাবে কলপুলি ৰোপন

By

Published : Nov 23, 2019, 11:08 AM IST

গোলাঘাট, 23 নৱেম্বৰ:গোলাঘাটত এদল সচেতন যুৱকৰ প্ৰশংসনীয় পদক্ষেপ ৷ যি সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাট বৃদ্ধি পাইছে; সেই সময়তে গোলাঘাট ফলঙনীৰ এচাম যুৱকে বনৰীয়া হাতীৰ খাদ্যৰ বাবে নামবৰ বিজুলী বন্যপ্ৰানী অভয়াৰণ্যত কলপুলি ৰোপন কাৰ্যসূচী ৰূপায়ন কৰিছে ৷ বিজুলী বনাঞ্চলত মুঠ দুশ জোপা কলপুলি ৰোপণ কৰে ফলঙনিৰ যুৱকসকলে ৷ হাতী আৰু মানুহৰ সংঘাট কিছু লাঘৱ কৰিবলৈ ফলঙনী যুৱকসকলে গ্ৰহণ কৰা এই পদক্ষেপক সকলোৱে আদৰণী জনোৱাৰ লগতে এই কাৰ্যত পূৰ্ণ সহযোগিতা আগবঢ়াই বগীজান আৰক্ষী থানা আৰু মুৰফুলনী বনবিভাগৰ লোকে ।

উল্লেখ্য যে, উক্ত কলপুলি ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ছুইজাৰলেণ্ডৰ এগৰাকী পৰ্যটকে । পৰ্যটক গৰাকীয়ে কলপুলি ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত হাতী মানুহৰ সংঘাতৰ বৰ্ণনা দি কয় যে, বনাঞ্চল ধ্বংস, খাদ্য সংকট , হস্তী কৰিডৰ সমূহত অবৈধ বেদখল ফলত হাতী মানুহৰ সংঘাত বৃদ্ধি হৈছে ৷ লগতে এই ধৰণৰ কলপুলি ৰোপন কাৰ্যসূচীয়ে অলপ হ'লেও হাতী-মানুহ সংঘাটত উপশম ঘটাব বুলিও ব্যক্ত কৰে পৰ্যটক গৰাকীয়ে ৷

নামবৰ বিজুলী বনাঞ্চলত বনৰীয়া হাতীৰ বাবে কলপুলি ৰোপন ফলঙনী যুবকৰ

লগতে পঢ়ক:পৰ্যটকৰ বাবে অচিৰেই মুকলি হ’ব বগামাটি

For All Latest Updates

ABOUT THE AUTHOR

...view details