অসম

assam

ETV Bharat / state

পৰকীয়া প্ৰেমৰ পৰিণতিঃ স্বামীৰ দাৰ ঘাপত প্ৰাণ গ'ল পত্নীৰ

গোলাঘাটত স্বামীৰ হাতত প্ৰাণ গ'ল এগৰাকী মহিলাৰ ৷ পৰকীয়া প্ৰেমৰ বাবেই স্বামীয়ে এই ঘটনা সংঘটিত কৰাৰ সন্দেহ ৷ ঘাটক স্বামীয়ে হত্যা কৰি আত্মসমৰ্পণ কৰে গোলাঘাট থানাত ৷

golaghat-murder-case
গোলাঘাটত পৰকীয়া প্ৰেমে প্ৰাণ ললে এগৰাকী মহিলাৰ

By

Published : Jul 13, 2020, 1:45 PM IST

গোলাঘাট,13জুলাই: গোলাঘাটৰ জ্যোতিনগৰত লোমহৰ্ষক হত্যাকাণ্ড ৷ স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ ৷ পৰকীয়া প্ৰেমৰ বাবেই পত্নীক হত্যা কৰাৰ কথা উল্লেখ কৰে স্বামীয়ে ৷ মৃত পত্নীৰ নাম পিংকী শইকীয়া ৷

গোলাঘাটত পৰকীয়া প্ৰেমে প্ৰাণ ললে এগৰাকী মহিলাৰ

অন্য এক খবৰৰ বাবে: বকো নৈত উদ্ধাৰ নিৰুদ্দিষ্ট ব্যক্তিৰ মৃতদেহ

উল্লেখ্য যে, গোলাঘাট জিলাৰ জ্যোতিনগৰৰ ৰাণু বৰা নামৰ এগৰাকী মহিলাৰ ভাড়াঘৰত বাস কৰিছিল কুলেন শইকীয়া আৰু পত্নী পিংকী শইকীয়াই ৷ পৰিয়ালটোৰ প্ৰকৃত ঘৰ গোলাঘাট জিলাৰ বেতিয়নীত ৷ গাড়ী চলাই কুলেন শইকীয়াই পোহপাল দি আছিল নিজ পৰিয়ালটিক ৷ কিন্তু দেওবাৰে নিশা সংঘটিত হয় ভয়ানক ঘটনাটো ৷ স্বামী কুলেন শইকীয়াই দাৰে ঘপিয়াই পত্নী পিংকী শইকীয়াক হত্যা কৰে ৷

হত্যাকাৰী কুলেন শইকীয়াৰ মন্তব্য অনুসৰি, পিংকীয়ে এবছৰ ধৰি অমল গোহাঁই নামৰ এজন ব্যক্তিৰ লগত ফোন যোগে গোপন সম্পৰ্ক ৰাখিছিল ৷ দেওবাৰে নিশা পিংকীয়ে ফোনত কথা পাতি আছিল আৰু তেতিয়াই কুলেনে পিংকীক হত্যা কৰে বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে ৷ ইফালে ঘটনা সংঘটিত হোৱাৰ পাছত গোলাঘাট থানাত আত্মসমৰ্পণ কৰে হত্যাকাৰী কুলেন শইকীয়াই ৷ বৰ্তমান আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

ABOUT THE AUTHOR

...view details