অসম

assam

ETV Bharat / state

গোলাঘাটত প্ৰথমবাৰৰ বাবে অত্যাধুনিক শৌচালয় ! - MODI GOVT

পৰিৱর্তনকামী চৰকাৰৰ পৰিৱৰ্তনৰ নতুন বিৱৰ্তন । বৰ্তমান চৰকাৰৰ এই অত্যাধুনিক শৌচালয়ৰ বিষয়ে চৰ্চা চলিছে গোলাঘাটত ৷ আধুনিক পদ্ধতিৰ এই শৌচালয় চাবৰ বাবে এতিয়া মানুহৰ ভিৰ লাগিছে গোলাঘাটৰ জালান চাহ বাগিচাত ।

গোলাঘাটত প্ৰথমবাৰৰ বাবে অত্যাধুনিক শৌচালয় !

By

Published : Aug 19, 2019, 10:47 AM IST

গোলাঘাট, 19 আগষ্টঃপৰিবর্তনকামী চৰকাৰৰ পৰিৱৰ্তনৰ নতুন বিৱৰ্তন । বৰ্তমান চৰকাৰৰ এই অত্যাধুনিক শৌচালয়ৰ বিষয়ে চৰ্চা চলিছে গোলাঘাটত ৷ আধুনিক পদ্ধতিৰ এই শৌচালয় চাবৰ বাবে এতিয়া মানুহৰ ভিৰ লাগিছে গোলাঘাটৰ জালান চাহ বাগিচাত । কিন্তু নিৰ্মাণৰ পিচতে ব্যৱহাৰৰ পূৰ্বেই খহি পৰিল শৌচালয়ৰ দেৱাল । টিনপাৰ কথা ক'বই নালাগে৷হাতেৰে চুই দিলেই এৰাই পৰে টিনপাত। এই দৰে বেঙেনাখোৱা গাঁও পঞ্চায়তৰ অন্তর্গত জালান চাহ বাগিচাত প্ৰায় চল্লিশটা শৌচালয় নির্মাণ কৰা হৈছে৷ বাগিচাখনৰ ৰাইজৰ অভিযোগ চল্লিশটা শৌচালয়‍েই ব্যৱহাৰৰ পূৰ্বেই জহি খহি গৈছে৷

গোলাঘাটত প্ৰথমবাৰৰ বাবে অত্যাধুনিক শৌচালয় !

উল্লেখ্য পৰিবর্তনকামী মোদী চৰকাৰ‍ৰ স্বচ্ছ ভাৰত অভিযানৰ বাবে‍ চাহ শ্ৰমিক সকলে লাভ কৰিছে শৌচালয়৷ কিন্তু পঞ্চায়ত কর্মী,সংশ্লিষ্ট বিভাগ আৰু ঠিকাদাৰৰ বুজা বুজিৰ বাবেই শৌচালয় নির্মাণৰ নামত চৰম অৱহেলা আৰু দুর্নীতিৰ অভিযোগ উত্থাপিত হৈছে৷ নিম্ন মানদণ্ডৰ শৌচালয় নির্মাণ কৰাৰ বাবে‍ হাত দিলেই খহি পৰিছে শৌচালয়সমূহ৷ পৰিৱর্তনকামী চৰকাৰৰ কাৰ্যকালত অনাময় আঁচনিৰ অধীনত নিৰ্মিত অতি নিম্ন মানদণ্ডৰ শৌচালয় নিৰ্মাণৰ নামত সংঘটিত হোৱা দু্ৰ্নীতিৰ বিৰুদ্ধে তদন্তৰ দাবী তুলিছে স্থানীয় হিতাধিকাৰীয়ে ৷ চাওক আমাৰ সাংবাদিক দিগন্ত চাহুৰ এক প্ৰতিবেদন....

ABOUT THE AUTHOR

...view details