গোলাঘাট,11 মে'ঃগোলাঘাটৰ খুমটাই চাহ বাগিচাৰ পৰা জুলাই মাহতে বাদুলিপাৰলৈ বুলি ওলাই যোৱা বসন্ত আগৰৱালাৰ সন্ধান নোলাল বৰ্তমানেও । দহ মাহে পত্নী-পুত্ৰ আৰু পিতৃয়ে অধীৰ অপেক্ষাৰে বাট চাই আছে বসন্তৰ বাবে । ১৯ জুলাইৰ দিনা আবেলি ঘৰৰ পৰা বাদুলিপাৰলৈ যাওঁ বুলি ওলাই যোৱা বসন্তৰ একোৱেই সন্ধান নোলাল বিগত দহ মাহে ৷
দহ মাহ ধৰি চকুলো আঁতৰা নাই এগৰাকী মহিলাৰ
দহ মাহ ধৰি কান্দি আছে এগৰাকী মহিলাই ৷ সদায় পদূলিত ৰৈ বাট চাই মানুহজন আহিব ৷ কিন্তু দহ মাহ ধৰি একো উমঘাম নাই স্বামী বসন্ত আগৰাৱালাৰ ৷
ঘৰতে গেলামালৰ দোকান খুলি পেট প্ৰৱৰ্তন কৰিছিল পৰিয়ালটোৱে । কিন্তু হঠাৎ সুখী পৰিয়ালটোৰ জীৱনলৈ নামি আহিল অমানিশা । পত্নীক বাদুলিপাৰলৈ কিছু কামত যাওঁ বুলি ওলাই যোৱা বসন্ত বৰ্তমানেও ঘূৰি নাহিল ঘৰলৈ। বাট চাই চাই আশা হেৰুৱাই পেলোৱা পত্নী-পুত্ৰ বৰ্তমান ভাঙি পৰিছে কান্দোনত। কণমানি চাৰি বছৰীয়া সন্তানক বুকুত সাৱটি স্বামী ঘূৰি অহালৈ মাথো অপেক্ষা কৰি আছে পত্নীয়ে ৷ বসন্তৰ পত্নী, পুত্ৰ আৰু পিতৃয়ে অসহায় হৈ কোনো লোকে বসন্ত আগৰৱালাৰ সন্ধান পালে 8812016169 ম'বাইল নম্বৰতত যোগাযোগ কৰিবলৈ ৰাইজলৈ অনুৰোধ জনাইছে ৷
লগতে চাওকঃমাতৃৰ সৈতে জনপ্ৰিয় তাৰকাসকল