অসম

assam

By

Published : Nov 4, 2020, 5:52 PM IST

ETV Bharat / state

গোলাঘাটৰ মৰঙীত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত

গোলাঘাটৰ মৰঙীত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ ৷ বুধবাৰে মৰীং মৌজাৰ বিভিন্ন অঞ্চলত এজাক বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত উলাই আহি শ শ বিঘা কৃষি পথাৰ গচকি-খাই তহিলং কৰে ।

golaghat-man-elephant-conflict
গোলাঘাটৰ মৰঙীত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত

গোলাঘাট, 4 নৱেম্বৰ : গোলাঘাটৰ মৰঙীত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ ৷ বুধবাৰে মৰঙী মৌজাৰ বিভিন্ন অঞ্চলত এজাক বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত উলাই আহি শ শ বিঘা কৃষি পথাৰ গচকি-খাই তহিলং কৰে ।

গোলাঘাটৰ মৰঙীত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত

প্ৰাপ্ত তথ্য অনুসৰি হাতীৰ জাকটোৱে মৰঙী মৌজাৰ বিভিন্ন অঞ্চলৰ খেতি পথাৰ গচকি বিনষ্ট কৰাৰ লগতে দিনৰ ভাগত গাঁৱত প্ৰৱেশ কৰি কেইবাটাও বাসগৃহত ক্ষতি কৰে ৷

গোলাঘাটৰ মৰঙীত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত

ইয়াৰ সমান্তৰালভাৱে ৮০/৯০ জনীয়া বৃহৎ বন্যহস্তীৰ জাকটোৱে মিৰিপথাৰ অঞ্চলত তাণ্ডৱ চলাই থকা অৱস্থাত বকিয়াল খণ্ড বন কাৰ্যালয়ত খবৰ দিয়ে যদিও গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ যাৰ ফলত অঞ্চলৰ বহু কৃষকৰ সোণোৱালী সপোন গচকি নিশেষ কৰে হাতীৰ জাকেটোৱে।

লগতে পঢ়ক:মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁ‌হবাৰীত কাছসহ এজনক আটক

ABOUT THE AUTHOR

...view details