অসম

assam

By

Published : Dec 30, 2019, 4:00 PM IST

ETV Bharat / state

হস্তী মানৱৰ এখন ভয়ানক যুঁজ !

হাতীৰ জাকটোক খেদি পঠাবলৈ চেষ্টা অব্যাহত ৰাখিছে স্থানীয় লোকসকলে । কিন্তু বাৰে বাৰে বিফল হৈছে কাৰণ হাতীৰ জাকটোক যিমানেই খেদিছে হাতীৰ জাকটোৱেও উভতি ধৰি খেদিছে মানুহক । তাতেই সৃষ্টি হৈছে এখন ভয়াবহ যুজঁ ।

হস্তী মানৱৰ এখন ভয়ানক যুঁজ !
হস্তী মানৱৰ এখন ভয়ানক যুঁজ !

গোলাঘাট, 30 ডিচেম্বৰঃগোলাঘাট লেটেকুজান চাহ বাগিচাৰ হাতী মানুহৰ ভয়াৱহ যুজঁ । অলপ ইফাল সিফাল হ'লেই যেন সংঘটিত হ'ব ভয়ানক অঘটন । সমগ্ৰ দৃশ্য গোলাঘাট লেটেকুজান চাহ বাগিচাৰ । গোলাঘাটত অব্যাহত আছে হাতী মানুহৰ সংঘাত । বিগত কেবাদিনো ধৰি এটা পোৱালিসহ বৃহৎ বন্যহস্তী জাকে অৱস্থান কৰি আছে চাহ বাগিচা খনত । ত্ৰাসৰ সৃষ্টি কৰিছে সমগ্ৰ বাগিচাখনত । হাতীৰ জাকটোক খেদি পঠাবলৈ চেষ্টা অব্যাহত ৰাখিছে স্থানীয় লোকসকলে । কিন্তু বাৰে বাৰে বিফল হৈছে কাৰণ হাতীৰ জাকটোক যিমানেই খেদিছে হাতীৰ জাকটোৱেও উভতি ধৰি খেদিছে মানুহক । তাতেই সৃষ্টি হৈছে এখন ভয়াৱহ যুঁজৰ ।

হস্তী মানৱৰ এখন ভয়ানক যুঁজ !

উল্লেখ্য যে, হাতীৰ জাকটোৰ ভয়ত বাগিচা খনত কাম কৰিবলৈ ভয় কৰা হৈছে শ্ৰমিকসকলে । এনেদৰে এতিয়া অব্যাহত আছে জীৱন মৰণৰ যুঁজ । এফালে খাদ্য আৰু বাসস্থানৰ অভাৱত পৰা হাতীৰ জাক আনফালে নিজৰ ঘৰ, খেতি পথাৰখন বচাবলৈ চেষ্টা কৰি থকা অসহায় জনতা । এইয়া যেন এতিয়া নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে গোলাঘাটত । কিন্তু ইমানৰ পিচতো হাতীৰ জাকটোক আঁতৰাই পঠিয়াবলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ বন বিভাগৰ বিৰুদ্ধে ৷

লগতে পঢ়ক: কাম চৰাইয়ে শোভাবৰ্ধন কৰিলে গেলা-দিচাং কদমনি বিল

ABOUT THE AUTHOR

...view details