গোলাঘাট, 17 আগষ্টঃগোলাঘাটৰ বকিয়াল বুঢ়াগোহাঁইখাটত বন্যহস্তীৰ ত্ৰাস । হাতীৰ জাকে ভাঙি তহিলং কৰিলে বুঢ়াগোহাঁইখাট জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ গৃহ । বিদ্যালয় গৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে মধ্যাহ্ন ভোজনৰ চাউল খাই অনিষ্ট কৰে হাতীৰ জাকটোৱে । এটা মাহতে তিনি বাৰকৈ বন্যহস্তীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিদ্যালয়খন । পুৱা বিদ্যালয়লৈ আহি বিদ্যালয়ৰ বিধ্বস্ত অৱস্থা দেখি মৰ্মাহত হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল ।
গোলাঘাটত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ - হাতীৰ জাকে ভাঙি তহিলং কৰিলে বিদ্যালয়
শনিবাৰে পুৱা বন্যহস্তীৰ জাকে ভাঙি লণ্ড ভণ্ড কৰে বুঢ়াগোহাঁইখাট জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ গৃহ ৷
হাতীৰ জাকে ভাঙি তহিলং কৰিলে বিদ্যালয়
উল্লেখ্য যে, হাতীৰ উপদ্ৰৱে নিদ্ৰা হৰণ কৰিছে গাওঁবাসীৰ। বকিয়াল খণ্ড বন বিষয়াৰ কাৰ্যালয়ে হাতী খেদাত ব্যৰ্থ হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । ইফালে দীর্ঘদিনে গোলাঘাটৰ বিভিন্ন অঞ্চলত বন্য হস্তীৰ জাকটোৱে বহু পৰিয়ালৰ ঘৰ -বাৰী ভাঙি তহিলং কৰি আহিছে বুলিও উল্লেখ স্থানীয় লোকৰ ।