অসম

assam

By

Published : Nov 2, 2019, 11:57 AM IST

ETV Bharat / state

গোলাঘাটৰ ধলাগুৰি চাহ বাগিচাত প্ৰকাণ্ড জিৰাফৰ অৱস্থান

বন্যহস্তীৰ উপদ্ৰৱ হ্ৰাস কৰিবলৈ অভিনৱ কৌশল গোলাঘাটৰ ধলাগুৰি চাহ বাগিচাৰ কৰ্তৃপক্ষৰ । হাতী অহা যোৱা কৰা পথত স্থাপন কৰিলে জিৰাফৰ মূৰ্তি ।

গোলাঘাট ধলাগুৰি চাহ বাগিচাত হাতী অহা যোৱা কৰা পথত স্থাপন জিৰাফৰ মূৰ্তিৰ

গোলাঘাট,2 নৱেম্বৰ: গোলাঘাট জিলাত হাতী মানুহৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক্ৰমান্বয়ে ৷ জাকে জাকে বন্য হস্তীয়ে বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি দিনে নিশাই ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ যাৰ বাবে বন্যহস্তীৰ সন্ত্ৰাস ৰোধ কৰিবলৈ গোলাঘাটৰধলাগুৰি চাহ বাগিচাৰ কৰ্তৃপক্ষই নিজৰ চাহ বাগিচাখন অঞ্চলত গ্ৰহণ কৰিছে অভিনৱ কৌশল। হাতী অহা যোৱা কৰা পথত বৃহৎ আকাৰৰ জিৰাফৰ মূৰ্তি স্থাপন কৰি সলনি কৰিবলৈ সক্ষম হৈছে হাতীৰ গতি পথ। পৰীক্ষামূলক ভাৱে ধলাগুৰি চাহ বাগিচাৰ মাজত স্থাপন কৰা এটা জিৰাফৰ মূৰ্তিৰ ফলত এতিয়া বন্য হস্তীৰ জাকে সলনি কৰিছে নিজৰ পথ। পূৰ্বে এই পথটোৰে জাকে জাকে বন্য হস্তী প্ৰৱেশ কৰি দৈনিক ধলাগুৰি চাহ বাগিচাৰ চাহ গছ, বাগিচাৰ বেৰা ভাঙি,গচকি তহিলং কৰে। কিন্তু এতিয়া এই জিৰাফৰ মূৰ্তি স্থাপন কৰাৰ পিছতে হাতীৰ জাকে নিজৰ পথ আৰু বিচৰণ স্থল সলনি কৰিছে বুলি জানিবলৈ দিয়ে চাহ বাগিচাৰ শ্ৰমিকসকলে। ইফালে যদি এই কৌশল সম্পূৰ্ণৰূপে সফল হ'লে বাগিচা কৰ্তৃপক্ষই অনাগত সময়ত আৰু বহু কেইটা জিৰাফৰ মূৰ্ত্তি স্থাপন কৰিব বুলি জানিবলৈ দিয়ে ।

গোলাঘাট ধলাগুৰি চাহ বাগিচাত হাতী অহা যোৱা কৰা পথত স্থাপন জিৰাফৰ মূৰ্তিৰ

ABOUT THE AUTHOR

...view details