অসম

assam

ETV Bharat / state

লালীগুড় ব্যৱসায়িক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ মদ মুক্ত দাবী সমিতিৰ - খাদ্য সুৰক্ষা বিভাগ

অসম চৰকাৰৰ বিৰুদ্ধে মদ মুক্ত দাবী সমিতিৰ অভিযোগ, লালীগুড়ৰ ব্যৱসায়ীক ৰক্ষণাবেক্ষণ দিছে অসম চৰকাৰে

লালীগুড় ব্যৱসায়িক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ মদ মুক্ত দাবী সমিতিৰ

By

Published : Mar 14, 2019, 9:06 PM IST

গোলাঘাট, ১৪মাৰ্চ: গোলাঘাট আৰু যোৰহাট জিলাৰ ডেৰ শতাধিক লোকে বিষাক্ত চুলাই পান কৰি প্ৰাণ আহুতি দিয়া ঘটনাৰ পিছতেই খাদ্য সুৰক্ষা বিভাগে চলোৱা এক অভিযানত পোহৰলৈ আহিছিল চুলাই মদৰ লগত বিষাক্ত লালীগুড় সংমিশ্ৰণৰ কথা । যাৰ বাবে ৰাজ্যজুৰি এই ঘটনাৰ লগত জড়িত লালীগুড় ব্যৱসায়িক উচিত শাস্তি বিহাৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল । অসম চৰকাৰে এই ঘটনাৰ তদন্তৰ দায়িত্ব ন্যস্ত কৰিছিল উজনি অসমৰ আয়ুক্ত জুলী সোণোৱালক । কিন্তু বৃহস্পতিবাৰে মদ মুক্ত দাবী সমিতিয়ে অসম চৰকাৰে লালীগুড় ব্যৱসায়িক ৰক্ষণাবেক্ষণ দি আছে বুলি অভিযোগ উত্থাপন কৰি কয় বৰ্তমানেও লালীগুড়ৰ ব্যৱসায়ী লালচন্দ আগৰৱালাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই গোলাঘাট আৰক্ষী । লগতে তদন্তকাৰী বিষয়াই লালীগুড়ৰ গুদাম পৰিদৰ্শন কৰিবলৈও সময় পোৱা নাই বুলি মত প্ৰকাশ মদ মুক্ত দাবী সমিতিৰ । ইপিনে গোলাঘাটৰ তদানীন্তন উপায়ুক্ত গৌৰৱ বোথ্ৰা আৰু আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱ ৰয়ক তদন্তৰ আওতালৈ আনিবলৈও দাবী জনাইছে বিভিন্ন মহলে ।

লালীগুড় ব্যৱসায়িক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ মদ মুক্ত দাবী সমিতিৰ

ABOUT THE AUTHOR

...view details