অসম

assam

ETV Bharat / state

খুমটাইত সুৰাৰ বাবেই পত্নীক হত্যা স্বামীৰ

খুমটাইত চাঞ্চল্যকৰ ঘটনা, সুৰাৰ বাবেই পত্নীক হত্যা কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে

By

Published : Oct 12, 2019, 11:00 PM IST

Updated : Oct 12, 2019, 11:17 PM IST

খুমটাইত সুৰাৰ বাবেই পত্নীক হত্যা স্বামীৰ

গোলাঘাট,12 অক্টোবৰ: গোলাঘাট খুমটাইত সংঘটিত হৈছে হৃদয় বিদাৰক ঘটনা । সুৰাৰ বাবেই পত্নীক হত্যা কৰিলে স্বামীয়ে ৷ খুমটাইৰ নতুনমাটি ভূঞাপট্টিত ৰাজেশ মাঝি নামৰ লোকজনৰ বিৰুদ্ধে পত্নী জোনাকী মাঝিক হত্যাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

প্ৰাপ্ত তথ্য অনুসৰি বৃহস্পতিবাৰে নিশা পতি-পত্নী ৰাজেশ আৰু জোনাকীৰ মাজত কাঁজিয়া সূত্ৰপাত হয় আৰু ইয়াৰ পাছতে শণিবাৰে জোনাকীৰ ৰহস্যজনক মৃত্যু হয় ৷ স্থানীয় ৰাইজৰ অভিযোগ যে, ৰাজেশে সুৰাৰ ৰাগীত মাতাল হৈ কেইবাদিন ধৰি পত্নীক নিৰ্যাতন চলাই আহিছিল যাৰ পৰিণতিত কাজিয়াৰ সূত্ৰপাত হৈ অকাল মৃত্যুক সাবতি ল’লে জোনাকী নামৰ মহিলাগৰাকীয়ে ৷ বৰ্তমান খুমটাই আৰক্ষীয়ে ৰাজেশ মাঝিক গ্ৰেপ্তাৰ কৰি শোধা-পোচা অব্যাহত ৰাখিছে ৷

খুমটাইত সুৰাৰ বাবেই পত্নীক হত্যা স্বামীৰ
Last Updated : Oct 12, 2019, 11:17 PM IST

ABOUT THE AUTHOR

...view details