অসম

assam

ETV Bharat / state

খুমটাইত বাঘৰ আক্ৰমণত 5 জন আহত - খুমটাইত বাঘৰ আক্ৰমণত 5 জন আহত

খুমটাইৰ ২নং বুটলীখোৱাত বাঘৰ আক্ৰমণত 5 জনকৈ লোক আঘাতপ্ৰাপ্ত হয় । আঘাতপ্ৰাপ্ত লোককেইজনক স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ কৰি খুমটাই আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা লাচিত গগৈক উন্নত চিকিৎসাৰ বাবে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ ৷

খুমটাইত বাঘৰ আক্ৰমণ, 5 জনকৈ লোক আঘাতপ্ৰাপ্ত
খুমটাইত বাঘৰ আক্ৰমণ, 5 জনকৈ লোক আঘাতপ্ৰাপ্ত

By

Published : Apr 25, 2020, 3:25 PM IST

খুমটাই, 25 এপ্ৰিল : শুকুৰবাৰে খুমটাইৰ ২নং বুটলীখোৱাত বাঘৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় 5 জনকৈ লোক ৷ খুমটাইৰ বুটলীখোৱাত দীৰ্ঘদিনৰ পৰা এটা নাহৰফুটুকীয়ে আতংকৰ সৃষ্টি কৰি আহিছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে,কাঠনিলৈ খৰি আনিবলৈ যাওতে নাহৰফুটুকীটোৱে আক্ৰমণ কৰে লোককেইজনক ৷

খুমটাইত বাঘৰ আক্ৰমণ, 5 জনকৈ লোক আঘাতপ্ৰাপ্ত

বাঘৰ আক্ৰমণত আহত হোৱা বুটলীখোৱা গাঁৱৰ লোককেইজন ক্ৰমে- লাচিত গগৈ,ৰিতু শইকীয়া,ভূপেন শইকীয়া,মনি গগৈ আৰু টংকেশ্বৰ গগৈ ৷ আঘাতপ্ৰাপ্ত আটাইকেইজনক খুমটাই আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা লাচিত গগৈক উন্নত চিকিৎসাৰ বাবে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

ইতিমধ্যে বিগত বছৰত খুমটাইৰ কেৰেলা চুকত মানুহক আক্ৰমণ কৰাৰ সময়তেই প্ৰাণ ৰক্ষাৰ বাবে স্থানীয় লোকে এটা নাহৰফুটুকী হত্যা কৰিছিল। নিশা হ'লেই বাঘৰ গুজৰণিয়ে আতংকিত কৰি তোলে সমগ্ৰ অঞ্চল। খুমটাইৰ এই অঞ্চলকেইটাত কেইবাটাও বাঘে সন্ত্ৰাস চলাই থকা বুলি স্থানীয় ৰাইজে সদৰী কৰে। এইক্ষেত্ৰত গোলাঘাট বন বিভাগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগো উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : মহানগৰীৰ খ্ৰীষ্টানবস্তিত শুকুৰবাৰে বিধ্বংসী অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details