অসম

assam

By

Published : Mar 14, 2020, 10:53 AM IST

Updated : Mar 14, 2020, 11:20 AM IST

ETV Bharat / state

গোলাঘাটৰ খুমটাই চাহ বাগিচাত প্ৰতিবাদ

গোলাঘাটৰ খুমটাই চাহ বাগিচাত চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ। অসম চাহ জনজাতি ছাত্ৰ সন্থা বাদুলিপাৰ উপ শাখাৰ উদ্যোগত ৰূপায়ণ কৰা হৈছে এই প্ৰতিবাদ।

গোলাঘাটৰ খুমটাই চাহ বাগিচাত প্ৰতিবাদ
গোলাঘাটৰ খুমটাই চাহ বাগিচাত প্ৰতিবাদ

গোলাঘাট, 14 মাৰ্চঃগোলাঘাটৰ খুমটাই চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে আটছাই৷ অসম চাহ জনজাতি ছাত্ৰ সন্থা বাদুলিপাৰ উপ শাখাৰ উদ্যোগত ৰূপায়ণ কৰা হৈছে এই প্ৰতিবাদ। চাহ শ্ৰমিকৰ দৈনিক ৪০০ টকালৈ বৃদ্ধি কৰা,বাদুলিপাৰ চাহ কোম্পানীৰ ৬খন বাগিছাৰ স্থানীয় শিক্ষিত নিবনুৱা যুৱক যুৱতীক খালি হৈ থকা কৰ্মচাৰী আৰু বিভিন্ন ফলত ৭৫ শতাংশ নিয়োগৰ ব্যৱস্থা কৰাৰ দাবী। চাহ শ্ৰমিকৰ বকেয়া গ্ৰেচ‍্যুইটি আৰু পিএফৰ ধন সোনকালে আদায় দিয়াৰ দাবী,শ্ৰমিকৰ আৱাস গৃহ,শৌচাগাৰ,চিকিৎসা, বিশুদ্ধ খোৱা পানী আদায় দিয়াৰ দাবী,চৰকাৰী আঁচনি ৰূপায়ন কৰাৰ ক্ষেত্ৰত চাহ শ্ৰমিকৰ ভূমিৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ দাবীত এই প্ৰতিবাদ।

গোলাঘাটৰ খুমটাই চাহ বাগিচাত প্ৰতিবাদ

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে খুমটাই,সেন্দুৰীটিং,বুটলিখোৱা,বাদুলিপাৰ,বনবাগিচা, গৰিয়াজান আৰু নীলগিৰী আটছাৰ প্রাথমিক গোটে।


লগতে চাওকঃ

কৰ’ণা আতংকঃ বাতিল হ’ল আন্তঃৰাষ্ট্ৰীয় এদিনীয়াৰ বাবে দক্ষিণ আফ্ৰিকাৰ ভাৰত ভ্ৰমণ

Last Updated : Mar 14, 2020, 11:20 AM IST

ABOUT THE AUTHOR

...view details