অসম

assam

ধৰ্মগ্ৰন্থৰ নামতো বেপাৰ চলে অসমত

By

Published : Nov 13, 2019, 4:34 PM IST

গোলাঘাটৰ ঐতিহ্যমণ্ডিত খনিকৰ পুথিক লৈ জালিয়াতি প্ৰদীপ বৰুৱা নামৰ ব্যক্তিজনৰ ৷ খনিকৰ পুথিক লৈ বেপাৰ চলাব বিচৰা এজনক আটক গোলাঘাটত ৷

প্ৰৱঞ্চক প্ৰদীপ বৰা

গোলাঘাট, 13 নৱেম্বৰ: অসমৰ জাতীয় সম্পদস্বৰূপ ঐতিহ্যমণ্ডিত খনিকৰ পুথি বিভিন্ন আধ্যাত্মিক আৰু প্ৰবাদ বিজড়িত অসমীয়া জাতিৰ স্বৰ্ণময় ইতিহাসৰ সাক্ষী আপুৰুগীয়া খনিকৰ পুথি ৷ যি পুথিৰ আছে বহু মাহাত্ম্য ৷ মানৰ অসম আক্ৰমণৰ সময়তে উদ্ধাৰ হোৱা পুথিখন যুগ যুগ ধৰি বৰ্তমানলৈও সংৰক্ষিত হৈ আছে গোলাঘাট জিলাৰ অন্তৰ্গত খনিকৰ গাঁৱত ৷

ঐতিহ্যমণ্ডিত খনিকৰ পুথি

শংকৰ-মাধৱ বিৰচিত'কীৰ্তন'আৰু'নামঘোষা'ৰ সমষ্টি এই ঐতিহ্যমণ্ডিত খনিকৰ পুথিক লৈ বেপাৰ চলাব বিচৰা দুৰ্বৃত্ত এজন লোকক আটক কৰে গোলাঘাটত ৷ ধনৰ লোভত দীর্ঘদিনে গোলাঘাট জিলাৰ ভিন্ন প্ৰান্তত এই কালজয়ী ধৰ্মগ্ৰন্থখনৰ নামত ভুৱা পুথিৰে প্ৰদীপ বৰুৱা নামৰ ব্যক্তিজনে জালিয়াতিৰে ধন ঘটি আহিছিল ৷

প্ৰৱঞ্চক প্ৰদীপ বৰুৱা

নকল খনিকৰ পুথিৰে ৰাইজৰ আধ্যাত্মিক আৱেগক আঘাত হনাৰ সমগ্ৰ ঘটনা ধৰা পৰাত নুমলীগড়ৰ কাষৰীয়া মুৰফুলনী অঞ্চলৰ ৰাইজে আটক কৰে প্ৰৱঞ্চক প্ৰদীপ বৰুৱাক ৷ আটকাধীন লোকজনক উত্তম মধ্যম শোধাই ভুৱা পুথিসহ গতাই দিয়ে বগীজান আৰক্ষীৰ হাতত ৷ সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি নুমলীগড়ত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷

প্ৰৱঞ্চক প্ৰদীপ বৰুৱাক আটক

লগতে পঢ়ক:তেজপুৰত আৰক্ষীৰ জালত AIUDF ৰ প্ৰৱঞ্চক নেতা

ABOUT THE AUTHOR

...view details