অসম

assam

ETV Bharat / state

কিমান নিৰাপদ আপোনাৰ ধন ! - গোলাঘাট

এই ঘটনা পোহৰলৈ অহাৰ লগে লগে একাংশ গ্ৰাহকে নিজৰ সাঁচতীয়া ধন হেৰুৱাই ঘেৰাও কৰে 'CSP' স্বত্বাধিকাৰী কুমুদ বিশ্বাসৰ ঘৰ । উত্তেজিত লোক সকলে বহু সময় ধৰি ঘৰৰ ভিতৰতে আৱদ্ধ কৰি ৰাখে কুমুদক।

গ্ৰাহকৰ ধন আত্মহাত কৰিলে চি এইচ পি কেন্দ্ৰৰ স্বত্বাধিকাৰীয়ে

By

Published : Aug 1, 2019, 9:13 PM IST

গোলাঘাট, 1 আগষ্ট : গোলাঘাটত ইউ বি আই বেংকৰ 'CSP' কেন্দ্ৰৰ স্বত্বাধিকাৰীয়ে হিতাধিকাৰীৰ ধন আত্মসাৎ কৰাৰ অভিযোগত স্বত্বাধিকাৰীৰ ঘৰ ঘেৰাও শ শ লোকৰ। গোলাঘাট কমাৰগাঁৱৰ ইউ বি আই বেংকৰ অধীনৰ এটা 'CSP' কেন্দ্ৰৰ স্বত্বাধিকাৰী কুমুদ বিশ্বাস ওৰফে বিষ্ণু নামৰ এজনে দীর্ঘদিনে জালিয়াটি কৰি গ্ৰাহকৰ ধন আত্মসাৎ কৰি আহিছে । এই ঘটনা পোহৰলৈ অহাৰ লগে লগে একাংশ গ্ৰাহকে নিজৰ সাঁচতীয়া ধন হেৰুৱাই ঘেৰাও কৰে 'CSP' স্বত্বাধিকাৰী কুমুদ বিশ্বাসৰ ঘৰ । উত্তেজিত লোক সকলে বহু সময় ধৰি ঘৰৰ ভিতৰতে আৱদ্ধ কৰি ৰাখে কুমুদক । শেষত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । অৱশ্য কেমেৰাৰ সন্মুখতে ধন আত্মসাতৰ কথা স্বীকাৰ কুমুদ শইকীয়াইৰ । ঘটনা সন্দৰ্ভত কমাৰগাঁও আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে ক্ষোভিত গ্ৰাহকসকলে ।

উল্লেখযোগ্য যে গ্রামাঞ্চলৰ লোকসকলক বেংকিং ব্যৱস্থাত সহায় কৰা আৰু লেনদেন সম্পন্ন কৰে এই 'CSP' ৰ স্বত্বাধিকাৰীসকলে । কিন্তু কিমান নিৰাপদ এই বেংকিং ব্যৱস্থা । একাংশ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰীয়ে এই ব্যৱস্থাৰ মাজেৰে আত্মসাত কৰি আহিছে বহু লোকৰ সাঁচতীয়া ধন । এতিয়া মূল কথাটো হল এনেদৰে চৰকাৰী বেংকৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা এই সমূহ 'CSP' তথা গ্ৰাহক সেৱা কেন্দ্ৰৰ মালিকক নিয়ন্ত্ৰণ কৰিব পাৰিবনে বেংক অথবা প্ৰশাসনে !

ABOUT THE AUTHOR

...view details