গোলাঘাট,24 অক্টোবৰ: গোলাঘাট জিলাৰ মূল নগৰৰ সমীপৱৰ্তী জ্যোতিনগৰ আৰু চাণ্ডমাৰীত বুধবাৰে নিশা অপ্ৰীতিকৰ পৰিস্থিতি ৷ ছাত্ৰৰ অতপালিত অতিষ্ঠ চাণ্ডমাৰী বাসী ৰাইজ ৷ অৱশেষত শান্তি বিচাৰি নিশা আৰক্ষী থানাত উপস্থিত পুৰুষ মহিলাৰ দল ৷ ঘটনা অনুসৰি অঞ্চলটোত শিৱপ্ৰসাদ শইকীয়াৰ মালিকীস্বত্বত থকা গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ এটা ব্যক্তিগত ছাত্ৰাবাসৰ ছাত্ৰয়ে দীৰ্ধদিন ধৰি নিশা হ'লেই বিনষ্ট কৰি আহিছে অঞ্চলটোৰ পৰিৱেশ ৷ ছাত্ৰৰ অতপালিত অতিষ্ঠ হৈ অৱশেষত শুৱা পাটিৰ পৰা উঠি আহি আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰিলে ভুক্তভোগী ৰাইজে ৷
মাজনিশা গোলাঘাট সদৰ থানাত এদল পুৰুষ মহিলা - Golaghat Jatiya Mahavidyalaya
নগৰখনৰ চাণ্ডমাৰীস্থিত এটা ছাত্ৰাবাসৰ ছাত্ৰৰ অতপালিত অতিষ্ঠ হৈ লিখিত অভিযোগ আৰক্ষীক ৷ শিৱপ্ৰসাদ শইকীয়াৰ মালিকীস্বত্বত থকা গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ এটা ব্যক্তিগত ছাত্ৰাবাসৰ ছাত্ৰয়ে দীৰ্ধদিন ধৰি নিশা হ'লেই বিনষ্ট কৰি আহিছে অঞ্চলটোৰ পৰিৱেশ ৷
উল্লেখ্য যে মহাবিদ্যালখনৰ স্বত্বাধিকাৰী বিশ্বজিৎ ফুকন আৰু ছাত্ৰাৱাসটোৰ মালিকক বহুবাৰ অভিযোগ দিও একো ফললাভ লাভ নকৰিলে স্থানীয় লোকে ৷ বৰঞ্চ দিনক দিনে বৃদ্ধি পূৰ্বতকৈ বেছিকৈয়ে অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰিবলৈ আৰম্ভ কৰিছে ছাত্ৰ সকলে ৷ মাজ নিশালৈ হুলস্থুল, খিৰিকিৰে প্ৰস্ৰাৱ কৰা আদি বিভিন্ন কামেৰে স্থানীয় ৰাইজক চৰম অশান্তিৰ মাজলৈ লৈ যোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ইয়াৰ উপৰিও ছাত্ৰাবাসটোৰ মালিক আৰু মহাবিদ্যালয় খনৰ স্বত্বাধিকাৰী জনৰ পৰা ওলোটাই ভাবুকিৰহে সন্মুখীন হ'ল অভিযোগ কৰিবলৈ যোৱা ভুক্তভোগী সকল ৷ সেয়েহে ছাত্ৰৰ অতপালিৰ পৰা পৰিত্ৰাণ পাবলৈ নিশা গোলাঘাট আৰক্ষী থানালৈ আহি লিখিত অভিযোগ দাখিল কৰিলে চাণ্ডমাৰীৰ বাসিন্দা সকলে ৷ ইয়াৰ পাছতো কোনো ন্যায় নাপালে এই সকল ভুক্তভোগী লোকসকল ৰাজপথলৈ ওলাবলৈ বাধ্য হোৱাৰো হুংকাৰ দিয়ে ৷