অসম

assam

ETV Bharat / state

কৰ’ণাত আক্ৰান্ত অঞ্চলৰ অ’ৰেঞ্জ জ’নত ভৰি দিয়াৰ সম্ভাৱনা গোলাঘাট - স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্ৰালয়

গোলাঘাটত শেহতীয়াকৈ ২ এপ্ৰিল তাৰিখে ধৰা পৰিছিল কৰ’ণাত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী ৷ ১৬ তাৰিখে অতিক্ৰম কৰিব ১৪ দিন । এই ১৪ দিনত কোনোধৰণৰ Covid 19 ৰোগী ধৰা নপৰাত জিলাখনে ভাৰত চৰকাৰৰ নিৰ্দেশ অনুযায়ী Orenge Zoneত ভৰি দিব ।

Golaghat is supposed to enter at Orange Zone
কৰ’ণাত আক্ৰান্ত অঞ্চলৰ অ’ৰেঞ্জ জ’নত ভৰি দিয়াৰ সম্ভাৱনা গোলাঘাট

By

Published : Apr 16, 2020, 5:36 PM IST

গোলাঘাট,16 এপ্ৰিলঃ ভাৰত চৰকাৰৰ স্বাস্থ্য পৰিয়াল কল্যাণ বিভাগ আৰু স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্ৰালয়ে অসমৰ পাঁচখন জিলাক ঘোষণা কৰিলে হটস্পটঅৰ্থাৎ ৰেড জ'ন হিচাপে ৷ ভাৰত চৰকাৰে বিভিন্ন ৰাজ‍্যৰ কেবিনেট ছেক্ৰেটাৰীৰ লগত আলোচনাত মিলিত হৈ কৰ’ণাত অধিক আক্ৰান্ত হোৱা একাংশ জিলাক হটস্পট ৰেড জ'ন হিচাপে ঘোষণা কৰে ৷ অসমৰ গোলাঘাট,মৰিগাঁও,নলবাৰী, গোৱালপাৰা আৰু ধুবুৰী জিলাক হটস্পট ৰেড জ'ন হিচাপে ঘোষণাকৰা হয় ৷

উল্লেখ্য যে, গোলাঘাটত ২ এপ্ৰিল তাৰিখে ধৰা পৰিছিল কৰ’ণাত আক্ৰান্ত ৰোগী ৷ ১৬ তাৰিখে ই অতিক্ৰম কৰিব ১৪ দিন। এই ১৪ দিনত কোনোধৰণৰ কোভিড 19 ৰোগী ধৰা নপৰাত জিলাখনে ভাৰত চৰকাৰৰ নিৰ্দেশ অনুযায়ী Orenge Zoneত ভৰি দিব। ইয়াৰ উপৰিও গোলাঘাটত কোভিড 19ত আক্ৰান্ত ৰোগীসকলক সকলো সময়তেই নিৰীক্ষণত ৰখা হৈছে বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোডীয়ে ৷ আনহাতে,ৰেড জ'নত অন্তৰ্ভুক্ত হোৱা জিলা সমূহে ভাৰত চৰকাৰক কোভিত 19 ত আক্ৰান্ত ৰোগীৰ গাঁও ছেনিটাইজেশ্যন কৰা,কোৱাৰেন্টাইনত ৰখা আদিৰ সবিশেষ তথ্য সময়ে সময়ে প্ৰদান কৰিব লাগিব ৷

লগতে পঢ়ক-ভুৱা বাতৰি প্ৰচাৰ কৰি গ্ৰেপ্তাৰ সাংবাদিক

ABOUT THE AUTHOR

...view details