অসম

assam

By

Published : Apr 12, 2020, 12:23 PM IST

ETV Bharat / state

গোলাঘাটত চুলাই ব্যৱসায়ীক শাস্তি ৰাইজৰ

লক ডাউনৰ মাজতে আৰক্ষীৰ চকুত ধূলি মাৰি একাংশ চুলাই ব্যৱসায়ীৰ অব্যাহত ব্যৱসায় ৷ গোলাঘাটত ৰাইজৰ হাতত কৰায়ত্ত চুলাই ব্যৱসায়ী ৷ নিৰ্বিকাৰ আৰক্ষী-প্ৰশাসন ৷

golaghat illegal liqour distributor
চুলাই ব্যৱসায়ীক শাস্তি

গোলাঘাট,12 এপ্ৰিলঃ গোলাঘাটত লক ডাউনৰ সুযোগতে আধিপত্য অবৈধ চুলাই ব্যৱসায়ীৰ । কিন্তু দেওবাৰে জিলাখনৰ ফুলবাৰী গাঁৱত স্থানীয় ৰাইজে কৰায়ত্ত কৰে এগৰাকী চুলাই ব্যৱসায়ীক ৷ দেওবাৰৰ পুৱা স্থানীয় ৰাইজ আৰু গাঁওৰক্ষী বাহিনীয়ে চুলাই সহ কৰায়ত্ত কৰে অৰ্জুন নামৰ ব্যৱসায়ী এজনক । ব্যৱসায়ীজনে তলা বন্ধৰ সুযোগ লৈ কাৰ্বি আংলঙৰ পৰা দৈনিক সৰবৰাহ কৰি আহিছিল শ শ লিটাৰ বৰবিহ স্বৰূপ চুলাই ।

চুলাই ব্যৱসায়ীক শাস্তি

একাংশ গাঁওবাসীয়ে এই খবৰ লাভ কৰি হাত-লোটে ধৰা পেলায় চুলাই ব্যৱসায়ীজনক । লগতে বিক্ৰীৰ বাবে অনা চুলাইৰে গা ধুৱাই, কাণত ধৰি আঁঠু কঢ়াই ভৱিষ্যতে এনে কাম নকৰাৰ প্ৰতিশ্ৰুতি আদায় কৰে ৷ সম্প্ৰতি সুৰা বিপণী বন্ধ আৰু তলা বন্ধৰ সুযোগ লৈ একাংশ ব্যৱসায়ীয়ে এনেদৰে ব্যাপক হাৰত চলাই আহিছে অবৈধ চুলাই মদৰ বেহা । বিষয় সন্দৰ্ভত স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি, আৰক্ষীয়ে সকলো জানিও আজি পৰ্যন্ত গ্ৰহণ কৰা নাই কোনো বিহিত ব্যৱস্থা ।

লগতে চাওকঃকৰ'ণাতংকৰ মাজতে মালিগাঁৱত উদ্ধাৰ নাহৰফুটুকীৰ মৃতদেহ

ABOUT THE AUTHOR

...view details