অসম

assam

ETV Bharat / state

গোলাঘাটত হাতী মানুহৰ জীৱন মৰণৰ যুঁজ - গোলাঘাটৰ অভয়জান

গোলাঘাটত হাতী-মানুহৰ সংঘাত অব্যাহত ৷ গোলাঘাটৰ অভয়জান অঞ্চলত হাতী-মানুহৰ জীৱন-মৰণৰ যুঁজে ধাৰণ কৰিছে ভয়াৱহ ৰূপ ৷

গোলাঘাটত হাতী মানুহৰ জীৱন-মৰণৰ যুঁজ

By

Published : Nov 22, 2019, 9:57 AM IST

গোলাঘাট, 22 নৱেম্বৰঃ গোলাঘাটত হাতী-মানুহৰ সংঘাত অব্যাহত ৷ গোলাঘাটৰ অভয়জান অঞ্চলত মুক্ত বিচৰণ বন্য হস্তীৰ ৷ হাতী-মানুহৰ জীৱন-মৰণৰ যুঁজে ধাৰণ কৰিছে ভয়াৱহ ৰূপ ৷ খাদ্যৰ সন্ধানত ওলাই অহা এজাক বৃহৎ বনৰীয়া হাতীৰ জাকে ধাননি পথাৰৰ ধান খোৱাৰ লগতে নষ্ট কৰে ধাননিডৰা ৷ উল্লেখ্য যে অঞ্চলটোত চাহ ফেক্টৰী খোলাৰ অনুমতি প্ৰদান কৰি প্ৰশাসনে কেতবোৰ ব্যক্তিৰ স্বাৰ্থ সিদ্ধিৰ বাবে উদগনি যোগাই হস্তীৰ কৰিডৰ বন্ধ কৰাৰ বাবেই হাতীৰ উপদ্ৰৱ বৃদ্ধি পোৱা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷

গোলাঘাটত হাতী মানুহৰ জীৱন-মৰণৰ যুঁজ

আনহাতে খাদ্যৰ সন্ধানত জনানঞ্চললৈ ওলাই অহা হাতীৰ জাকটোৰ ওপৰত নিৰ্মমভাৱে প্ৰহাৰ কৰে । হাতী মানুহৰ সংঘাটৰ মূল কাৰণটোৱে হৈছে বনাঞ্চল আৰু হাতী কৰিডৰ ধ্বংস । হাতী মানুহৰ সংঘাত বন্ধ কৰাৰ ক্ষেত্ৰত বন বিভাগৰ নিৰ্লিপ্ত ভূমিকাৰ ওপৰত ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে ৷

আৰু পঢ়কঃ টিম আমিষৰ মুখেৰে শুনক ব্যতিক্ৰমধৰ্মী ছবি আমিষৰ বিষয়ে

ABOUT THE AUTHOR

...view details