অসম

assam

ETV Bharat / state

চিকিৎসাধীন বৃদ্ধ ৰোগী উদ্ধাৰ নলাত !

গোলাঘাট কুশল কোঁৱৰ চিকিৎসালয় এতিয়া ৰোগীৰ বাবে কিমান সুৰক্ষিত ? চিকিৎসালয় কৰ্তৃপক্ষ কিমান সফল চিকিৎসালয়খন পৰিচালনাৰ ক্ষেত্ৰত ? তাৰ প্ৰমাণ নিশা নলাত পৰি থকা চিকিৎসাধীন এজন বৃদ্ধ ৰোগী ।

By

Published : Jun 29, 2019, 3:08 PM IST

গোলাঘাটত চিকিৎসাৰত এগৰাকী বৃদ্ধৰোগী নলাত উদ্ধাৰ

গোলাঘাট,29জুনঃ গোলাঘাট কুশল কোঁৱৰ চিকিৎসালয় এতিয়া ৰোগীৰ বাবে অসুৰক্ষিত । চিকিৎসালয় কৰ্তৃপক্ষৰ অজ্ঞাতে এজন ৰোগী চিকিৎসালয়ৰ বিপৰীতে এটা নলাত উদ্ধাৰ ঘটনাই বৰ্তমান চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ শুকুৰবাৰৰ নিশা গোলাঘাট জিলা সাংবাদিক সন্থা, প্ৰেছ ক্লাবৰ কাৰ্যালয় আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ বাসভৱনৰ সন্মুখত এটা নলাত পৰি আছিল এজন বৃদ্ধ লোক । শুনি আচৰিত লাগিলেও নলাত পৰি থকা বৃদ্ধ ৰোগীগৰাকী গোলাঘাট কুশল কোঁৱৰ চিকিৎসালয়ৰ মেডিচিন বিভাগৰ 27 নম্বৰ বিচনাত ভৰ্তি আছিল । লগতে মৃত্যু যন্ত্ৰণাত ছটফটাই থকা বৃদ্ধ জনৰ হাতত লাগি আছিল চেলাইন দিয়া কেনুলা । লগে লগে বৃদ্ধ জনক সাংবাদিকৰ এটা দলে উদ্ধাৰ কৰি পুনৰ চিকিৎসালয়ত ভৰ্তি কৰায় ৷ উল্লেখ্য যে, ৰোগীজনে নলাত কেনেকৈ পৰিলগৈ সেই বিষয়ে তেওঁৰ কোনো জ্ঞান নাছিল ৷ ইয়াৰ পাচতে চিকিৎসালয়খনত চিকিৎসাধীন অৱস্থাত থকা এজন ৰোগী আহি নগৰৰ নলাত পৰি থকা বিষয়টোৱে এতিয়া চিকিৎসালয়খনৰ ক্ষেত্ৰত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷

গোলাঘাটত চিকিৎসাৰত এগৰাকী বৃদ্ধৰোগী নলাত উদ্ধাৰ

ABOUT THE AUTHOR

...view details