অসম

assam

ETV Bharat / state

গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত প্ৰতিবাদ

ক’ভিদ চিকিৎসালয়ত নিযুক্তিক লৈ চিকিৎসালয় খনৰ অধীক্ষকৰ কাৰ্যালয় ঘেৰাও। কম পাৰিশ্ৰমিক লাভ কৰি বছৰ বছৰ ধৰি চিকিৎসালয় খনৰ কাম কৰি অহা স্বাস্থ্য কৰ্মীক চৰকাৰে কৰা উপেক্ষাক লৈ প্ৰতিবাদ। উপেক্ষিত কৰ্মচাৰীয়ে স্বাস্থ্য বিভাগক বান্ধি দিয়া সময় সীমা অতিক্ৰম কৰাৰ পিছতো কোনো ধৰণৰ সুফল লাভ নকৰাৰ বাবে উত্তপ্ত পৰিস্থিতি।

golaghat  hospital protest
গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত প্ৰতিবাদ

By

Published : Sep 10, 2020, 7:17 PM IST

গোলাঘাট,10ছেপ্তেম্বৰঃ গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত প্ৰতিবাদ। চিকিৎসালয় খনৰ ৭৪ গৰাকী স্বাস্থ্য কৰ্মীয়ে অধীক্ষৰকৰ কাৰ্যালয় সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। চিকিৎসালয়ত চতুৰ্থ বৰ্গ কৰ্মচাৰী নিযুক্তি আৰু উচ্চিত পাৰিশ্ৰমিক লাভ নকৰাৰ লৈ প্ৰতিবাদ । চিকিৎসালয়খনত পৰিচালনা সমিতিয়ে নিযুক্তি প্ৰদান কৰা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী প্ৰায় ২৫ বছৰে কাম কৰি আহিছে চিকিৎসালয় খনত। যদিও আজি পৰ্যন্ত নিযুক্তিৰ ক্ষেত্ৰত কোনোধৰণৰ অগ্রধিকাৰ লাভ কৰা নাই স্বাস্থ্য কৰ্মী সকলে।

গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত প্ৰতিবাদ

উল্লেখযোগ্য যে,এসপ্তাহ পূৰ্বে চিকিৎসালয় খনৰ অধীক্ষক ডাঃ সুৰেণ তামুলীৰ লগতে প্ৰশাসনক এক স্মাৰক পত্ৰ প্ৰদান কৰিছিল স্বাস্থ্য কৰ্মী সকলে। স্মাৰক পত্ৰ প্ৰদান কৰা সাতদিনৰ পিছতো কোনো ফলাফল নাপালে স্বাস্থ্য কৰ্মী সকলে। পুনৰ স্বাস্থ্য কৰ্মীসকলে আন্দোলন বহাৰ পিছতে চিকিৎসালয় কৰ্তৃপক্ষই তেওঁ লোকৰ দাবী সমূহ আওকাণ কৰি ধমকি প্ৰদান কৰাৰ অভিযোগ উঠিছে। প্ৰতিবাদ কৰা শ্ৰমিক সকলে বিনাচৰ্তে কামত যোগদান নকৰিলে তেওঁলোকক চাকৰি পৰা অব‍্যাহতি দি নতুন নিযুক্তি প্ৰদান কৰাৰ হুংকাৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ।


লগতে পঢ়কঃ সাম্প্ৰতিক সময়ত জাতীয়তাবাদেহে জাতিটোক ৰক্ষা কৰিবঃ অখিল গগৈ

ABOUT THE AUTHOR

...view details