মঙলবাৰ,3 ছেপ্টেম্বৰঃমঙলবাৰেও অব্যাহত আছে চাহ বাগিচা কৰ্মচাৰী সকলৰ প্ৰতিবাদ । গোলাঘাটৰ শালমৰা চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত মঙলবাৰেও সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।সদৌ অসম কৰ্মচাৰী পৰিষদৰ , চাহ কৰ্মচাৰী সংঘৰ আহ্বানত প্ৰতিবাদ সাব্যস্ত কৰে বাগিচা খনৰ সকলো কৰ্মচাৰীয়ে । বাগিচাৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰি মালিক পক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে।
গোলাঘাটত অব্যাহত আছে চাহ বাগিচাৰ কৰ্মচাৰীৰ প্ৰতিবাদ
গোলাঘাটৰ শালমৰা চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত ৷ সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু চাহ কৰ্মচাৰী সংঘৰ আহ্বানত প্ৰতিবাদ কৰে বাগিচাখনৰ সকলো কৰ্মচাৰীয়ে ।
চাহ বাগিচাৰ কৰ্মচাৰীৰ প্ৰতিবাদ
নতুন দৰমহা নীতি প্ৰৱৰ্তনৰ কৰি দৰমহা বৃদ্ধি কৰিবৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰি মালিক পক্ষই প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন কৰে । ২০১৮ চনৰ এপ্ৰিল মাহৰ পৰা দৰমহাৰ সংশোধনী হ'ব লাগিছিল যদিও ১৮ মাহে কৰ্মচাৰী লগত কোনো আলোচনাত মিলিত হোৱা নাই কৰ্তৃপক্ষ । যদি অতি সোনকালে এই সমূহ দাবী মানি নলয় ভৱিষ্যতে অসমৰ সকলো বাগিচা বন্ধ হয় যোৱাৰ উপক্ৰম ঘটিব বুলি হুংকাৰ প্ৰদান কৰে ৷