গোলাঘাট, 16 ডিচেম্বৰ : অসমৰ ভিতৰতে অন্যতম আদৰ্শ গাঁও হিচাপে নিৰ্বাচিত হ'ল পুলিবৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত গোলাঘাট গ্ৰান্ট ৷ প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ অধীনত নিৰ্বাচিত কৰি গাঁওখনত প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰা হৈছে ৷ ইয়াৰ লগত সংগতি ৰাখি গাঁওখনত শুভাৰম্ভ কৰা হ'ল এটি আদৰ্শ গ্ৰাম্য বিকাশ কেন্দ্ৰৰ ৷ গোলাঘাটৰ জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীৰ উপস্থিতিত শুভাৰম্ভ কৰা হয় আদৰ্শ গ্ৰাম্য বিকাশ কেন্দ্ৰটি ৷ পুলিবৰ গাঁও পঞ্চায়তৰ গোলাঘাট গ্ৰান্টত ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ দ্বাৰা কেন্দ্ৰীয় ভাৱে প্ৰযোজিত আঁচনিৰ অধীনত প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ এখন সভাও অনুষ্ঠিত কৰা হয় ৷
অসমৰ ভিতৰতে অন্যতম আদৰ্শ গাঁৱৰ মৰ্য্যদা গোলাঘাট গ্ৰান্টক - অতিৰিক্ত উপায়ুক্ত অৰূপা বাগলাৰী
আদৰ্শ গাঁও হিচাপে নিৰ্বাচিত হ'ল পুলিবৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত গোলাঘাট গ্ৰান্ট ৷ প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ অধীনত আদৰ্শ গাঁও হিচাপে গোলাঘাট গ্ৰান্ট নিৰ্বাচিত হোৱাৰ পাচতে আনন্দিত হৈ পৰিছে স্থানীয় ৰাইজ ৷
উল্লেখ্য যে, গাঁওখনক আদৰ্শ গাঁও ৰূপে নিৰ্বাচিত কৰাৰ পিছতেই আশাৰ বতৰা কঢ়িয়াই আনিছে স্থানীয় ৰাইজৰ মনলৈ ৷ দীৰ্ঘদিনীয়া খোৱা পানীৰ লগতে কেইবাটাও সমস্যাৰে জৰ্জৰিত গাঁওখন আদৰ্শ গাঁও হিচাপে নিৰ্বাচিত হোৱাত এই সমস্যা সমূহ নাইকিয়া হ'ব বুলি আশা প্ৰকাশ কৰিছে গাঁওবাসীয়ে ৷ গোলাঘাট গ্ৰান্টত আয়োজন কৰা এই অনুষ্ঠানত উপস্থিত থাকে গোলাঘাটৰ জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোডী, অতিৰিক্ত উপায়ুক্ত অৰূপা বাগলাৰীৰ লগতে স্থানীয় ৰাইজ।
লগতে পঢ়ক:কাইলৈ তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন : সাজু প্ৰশাসন