অসম

assam

ETV Bharat / state

কিয় হঠাৎ সক্ৰিয় গোলাঘাট বন বিভাগ?

গোলাঘাট নগৰত কমেও 30 খন এনে কাঠ বিক্ৰী কৰা দোকান আছে। কমেও পোন্ধৰ বিশটা মান কাঠফলা মিল আছে। তেনে ক্ষেত্ৰত মঙলবাৰে দুপৰীয়া নিৰ্দিষ্ট এখন দোকানত বন বিভাগে অভিযান চলোৱা কাৰ্য ৰহস্যজনক বুলি চৰ্চিত হৈছে ৷

ETV BHARAT

By

Published : Jun 4, 2019, 6:30 PM IST

গোলাঘাট , 4 জুন: বিশ্ব পৰিবেশ দিৱসৰ এটা দিনৰ পূৰ্বে সাৰ পালে গোলাঘাটৰ বন বিভাগ। গোলাঘাটত বন বিভাগৰ এটা দলে অভিযান চলালে কাঠ বিক্ৰী কৰা দোকানত। বন বিভাগৰ অভিযানৰ দৃশ্য বন্দী কৰাত বাধা প্ৰদান সাংবাদিকক। গোলাঘাটৰ বন বিভাগৰ গাফিলতিৰ বাবেই দীৰ্ঘদিনৰ পৰা অবাধ গতিত অব্যাহত আছে বনধ্বংস। হঠাতে চলোৱা এই অভিযানৰ অন্তৰালত গভীৰ ৰহস্য থকা বুলিও অভিযোগ উথাপন হৈছে।

গোলাঘাটৰ এখন কাঠৰ দোকানত অভিযান চলোৱাৰ সময়তে সংবাদ মাধ্যমৰ লোক উপস্থিত হোৱাত সাংবাদিকৰ ওপৰতে গৰজি উঠিল বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল ৷ অভিযানৰ দৃশ্য বন্দী কৰাত বাধা প্ৰদান কৰে সাংবাদিকক ৷ আনহাতে ফালিবলৈ অনা কাঠখিনিৰ মালিক প্ৰেম ঠাকুৰ জয়ছোৱালে জনায় যে তেওঁৰ দোকানৰ কাঠসমূহৰ নথি-পত্ৰ সকলো ঠিকেই আছে। বন বিভাগে অবৈধ বুলি অভিযোগ তুলিলেও প্ৰেম ঠাকুৰ জয়ছোৱালৰ নিজৰ দোকানত কাঠ ফালিবলৈ সুবিধা নথকাৰ বাবে সঞ্জীৱ শইকীয়াৰ টিম্বাৰ্চৰ কাঠ ফলা মিললৈ আনিছিল বুলি কয় দোকানখনৰ স্বত্বাধিকাৰীগৰাকীয়ে ।

বনবিভাগৰ অভিযান


উল্লেখযোগ্য যে গোলাঘাট নগৰত কমেও 30 খন এনে কাঠ বিক্ৰী কৰা দোকান আছে। কমেও পোন্ধৰ বিশটা মান কাঠফলা মিল আছে। তেনে ক্ষেত্ৰত মঙলবাৰে দুপৰীয়া নিৰ্দিষ্ট এখন দোকানত বন বিভাগে অভিযান চলোৱা কাৰ্য ৰহস্যজনক বুলি চৰ্চিত হৈছে।

ABOUT THE AUTHOR

...view details