বিধায়ক মৃণাল শইকীয়ালৈ বিশেষ উপহাৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ - অভিনেতা
গোলাঘাট জিলাৰ মেৰাপানী চাউদাং পথাৰ কাৰিকৰী প্ৰতিষ্ঠান কেন্দ্ৰই বিধায়ক মৃণাল শইকীয়াক উপহাৰ দিলে এখন বিশেষ নাও । বানাক্ৰান্তক সহায় কৰা বাবে বিধায়কগৰাকীৰ দিয়া হ'ল এই বিশেষ নাওখন ।
গোলাঘাট,১৯জুলাই : ৰাজ্যৰ প্ৰতিখন জিলাত বানে চলাইছে সন্ত্ৰাস । বানৰ কৱলত শতাধিক লোক । বানাক্ৰান্তক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বলিউদ অভিনেতাৰ পৰা আৰম্ভ কৰি সাধাৰণ নাগৰিকলৈকে । বানাক্ৰান্তসকলৰ সুবিধাৰ্থে গাঁৱলীয়া এটা প্ৰতিষ্ঠানে সাজি উলিয়াইছে এখন ব্যতিক্ৰমী নাও । গোলাঘাট জিলাৰ মেৰাপানী চাউদাং পথাৰ কাৰিকৰী প্ৰতিষ্ঠান কেন্দ্ৰই সাজি উলিওৱা এই নাওখন প্ৰয়োজন অনুসৰি সৰু-ডাঙৰ কৰাৰো ব্যৱস্থা আছে । বিধায়ক মৃণাল শইকীয়াই বান বিধস্ত এলেকাত নিৰবিচ্ছিন্নভাৱে আগবঢ়োৱা সেৱাৰ বাবে প্ৰতিষ্ঠানটোৱে উপহাৰ হিচাপে বিধায়কক প্ৰদান কৰিছে এই নাওখন । 72 কিলোগ্ৰাম ওজনৰ নাওখনত 6/7 জন লোকে যাব পৰাৰ লগতে 400 ৰ পৰা 450 কিলোগ্ৰাম সামগ্ৰী কঢ়িয়াব পৰাও ব্যৱস্থা কৰা হৈছে । নাওখনৰ বিশেষত্ব হ’ল,নাওখনত পানী নোসোমাই আৰু মাজতে দুভাগ কৰি দাঙি লৈ যাব পাৰি নাওখন । লো, প্লেন শ্বীটৰে নিৰ্মিত নাওখন চাৰিচকীয়া বাহনতো লৈ যাব পৰাৰ ব্যৱস্থা আছে ।