অসম

assam

ETV Bharat / state

গোলাঘাটত অপৰিৱৰ্তিত বান বিভীষিকা

গোলাঘাট জিলাৰ দেৰগাঁৱতো বানত বুৰিছে কেইবাখনো গাঁৱৰ শতাধিক বাসগৃহ আৰু কৃষিভূমি ৷ একেদৰে কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টি বোকাখাটটো বান পৰিস্থিতিয়ে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ ৷

By

Published : Jul 13, 2020, 1:52 PM IST

Golaghat flood condition getting worse
গোলাঘাটত অপৰিৱৰ্তিত বান বিভীষিকা

গোলাঘাট,13 জুলাইঃৰাজ্যত বান বিভিষিকাই সৰ্বস্বান্ত কৰি তুলিছে 3 লাখতকৈও অধিক লোকক ৷ বানৰ কবলত পৰাৰ ফলত খাদ্য সংকটত ভূগিছে বানক্ৰান্তৰ লগতে পশুধন ৷ ইয়াৰ সমান্তৰালকৈ গোলাঘাট জিলাৰ দেৰগাঁৱতো বানত বুৰিছে কেইবাখনো গাঁৱৰ শতাধিক বাসগৃহ আৰু কৃষিভূমি ৷ দুৰ্দশাগ্ৰস্ত ৰাইজে জীৱ-জন্তুসমূহ মথাউৰিলৈ স্থানান্তৰ কৰিছে যদিও যিকোনো সময়তে চিঙিব পৰা ভগ্ন মথাউৰিয়ে শংকিত কৰি তুলিছে ৰাইজক ৷

গোলাঘাটত অপৰিৱৰ্তিত বান বিভীষিকা

একেদৰে কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টি বোকাখাটটো বান পৰিস্থিতিয়ে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ ৷ খুমটাইৰ সীমামূৰীয়া সমষ্টিটোৰ ৰাইজে বানৰ ফলত পথৰ ওপৰত আশ্ৰয় লৈছিল যদিও পথৰ ওপৰেৰে পানী বৈ যোৱাত দিশহাৰা হৈ পৰিছে বানাক্ৰান্ত লোকসকল ৷

লগতে পঢ়ক- অখিল গগৈৰ হৈ আইনী যুঁজত অৱতীৰ্ণ হ’ব প্ৰাক্তন মন্ত্ৰী চলমান খুৰছিদ

ABOUT THE AUTHOR

...view details