অসম

assam

ETV Bharat / state

মহুৰামুখৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত - প্ৰশাসনৰ ফালৰ পৰা

বছৰৰ দ্বিতীয়টো বানৰ কৱলত গোলাঘাটৰ মহুৰামুখৰ বিস্তীৰ্ণ অঞ্চল । ওখ ঠাইলৈ ঢাপলি মেলিছে গাঁওবাসীয়ে।

golaghat-flood-effacted-muhuramukh-area
গোলাঘাটৰ মহুৰামুখৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত

By

Published : Jul 14, 2020, 11:47 AM IST

গোলাঘাট,14জুলাইঃনুমলীগড় মহুৰামুখৰ বিস্তীৰ্ণ অঞ্চল মহাবাহু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে । ফলত বৃহত্তৰ অঞ্চলটোৰ গোটুং, নিকৰি, ধনশিৰি, ৰিৰি গাঁৱকে আদি কৰি প্ৰায় দহ খন গাঁও সম্পূৰ্ণ ৰূপে বাঢ়নী পানীৰ তলত আছে । ইফালে ডিচৈ পঞ্চায়তৰ নিকৰি বৰতল সংযোগী একমাত্ৰ পথটো বাঢ়নী পানীয়ে চিঙি নিয়াত এতিয়া যোগাযোগ বিছিন্ন হৈ পৰিছে ১০ খনৰো অধিক গাঁওৰ শতাধিক লোকৰ ।

গোলাঘাটৰ মহুৰামুখৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত

ইপিনে প্ৰশাসনৰ ফালৰ পৰা যদিও এখন বাঁহৰ দলঙৰ ব্যৱস্থা কৰিছিল সেইখনো একেদিনাই উটুৱাই লৈ যায় ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে। এতিয়া মৰণক শৰণ দি টুলুঙা নাওকে একমাত্ৰ সাৰথি কৰি যাতায়ত অব্যাহত ৰাখিছে বানাক্ৰান্তাই।

লগতে পঢ়কঃ নিয়াৰ অভিযানত গ্ৰেপ্তাৰ আইছিচৰ সৈতে জড়িত সাংবাদিকতাৰ ছাত্ৰী

ABOUT THE AUTHOR

...view details