গোলাঘাট, 19 জুন: গোলাঘাটৰ দৈয়াং হোটেলৰ প্ৰেক্ষাগৃহত সম্বৰ্ধনা অনুষ্ঠান ৷ সদৌ অসম মটৰ পৰিবহন সন্থাৰ নৱ নিৰ্বাচিত কাৰ্য্যকৰী সভাপতি পূৰ্ণ ৰাজখোৱা আৰু সহকাৰী সচিব প্ৰধান দীপজ্যোতি শৰ্মাক বুধবাৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায় কেইবাটাও দল-সংগঠনে ৷
গোলাঘাটত মটৰ পৰিবহন সন্থাৰ বিশেষ পদক্ষেপঃ "মোৰ বাহন ধপাত মুক্ত বাহন" - সদৌ অসম মটৰ পৰিবহন সন্থা
গোলাঘাটৰ দৈয়াং হোটেলত অনুষ্ঠিত সভাত নৱ নিৰ্বাচিত কাৰ্য্যকৰী সভাপতি পূৰ্ণ ৰাজখোৱা আৰু সহকাৰী সচিব প্ৰধান দীপজ্যোতি শৰ্মাক সম্বৰ্ধনা জনোৱাৰ লগতে সমাজখনক ধঁপাত মুক্ত কৰাৰ বাবেও গ্ৰহণ কৰা হয় পদক্ষেপ ৷
ইয়াৰোপৰিও, উক্ত সভাতে ৰাজ্যত দিনক দিনে বৃদ্ধি পোৱা ড্ৰাগছৰ অবৈধ বেহাৰ বিৰুদ্ধেও লোৱা হয় গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ কোনো ড্ৰাগছ সৰবৰাহকাৰী অথবা তেনে কোনো সন্দেহজনক ব্যক্তিৰ উমান পোৱা মাত্ৰকেই আৰক্ষীক জনোৱাৰ লগতে ইয়াৰ প্ৰতিৰোধৰ বাবে বিশেষ হোৱাটচ্এপৰ ব্যৱস্থাও কৰিছে মটৰ পৰিবহন সন্থাই ৷ ইয়াৰোপৰিও, সন্থাটোৱে পৰীক্ষামূলক ভাৱে গ্ৰহণ কৰিছে আন এক পদক্ষেপ ৷ "মোৰ বাহন ধপাত মুক্ত বাহন"বুলি লিখা পোষ্টাৰ আঁৰি লোকসকলক যিমান দূৰ সম্ভৱ এনে নিচাযুক্ত দ্ৰব্যৰ আঁতৰত ৰখাৰ চেষ্টা কৰিব চালকসকলেও ৷