অসম

assam

ETV Bharat / state

গোলাঘাটত শুৰ পোকৰ উপদ্ৰৱঃ ঘোৰ নিদ্ৰাত মন্ত্ৰী অতুল বৰা - গোলাঘাটত শুৰ পোকৰ উপদ্ৰৱঃ বিপদত কৃষক

বানপানীত সৰ্বশ্ৰান্ত হোৱা ৰাজ্যৰ কৃষক শেহতীয়াকৈ শুৰ পোকৰ কৱলত ৷ গোলাঘাট জিলাৰ প্ৰায় 100 বিঘা ভূমিৰ শস্য শুৰ পোকে খাই তহিলং কৰাত বৰ্তমান কৃষকৰ অৱস্থা অধিক শোচণীয় হৈ পৰিছে ৷

Golaghat Farmers faces crisis as pests raid paddy fields
গোলাঘাটত শ শ বিঘা ধাননিত শুৰ পোকৰ উপদ্ৰৱত মূৰে কপালে হাত দিছে কৃষক ৰাইজে

By

Published : Sep 9, 2020, 3:26 PM IST

Updated : Sep 9, 2020, 4:44 PM IST

গোলাঘাট, 9 ছেপ্তেম্বৰ :বানপানী আৰু গৰাখহনীয়াৰ পিচত শেহতীয়াকৈ ৰাজ্যৰ কৃষকসকল পৰিছে শুৰ পোকৰ আক্ৰমণত ৷ শাওনৰ পথাৰত মূৰৰ ঘাম মাটিত পেলাই বছৰটোৰ ভাত মুঠি যোগাৰ কৰাৰ সপোন দেখা খুমটাইৰ কৃষকৰ মাজত এতিয়া হাহাকাৰ অৱস্থা । যাৰ বাবে বৰ্তমান বিমোৰত পৰিছে দৰিদ্ৰ কৃষকসকল ।

গোলাঘাটত শ শ বিঘা ধাননিত শুৰ পোকৰ উপদ্ৰৱত মূৰে কপালে হাত দিছে কৃষক ৰাইজে

মাত্ৰ দুটা নিশাতে শুৰ পোকে তচনচ কৰি পেলালে প্ৰায় 100 বিঘা কৃষিভূমি । গোলাঘাট জিলাৰ ঢেকিয়াল দৰিয়াজানৰ প্ৰায় 50 বিঘা,ৰহঢলা পথাৰৰ বিশাল কৃষি ভূমিৰ প্ৰায় 50 বিঘাৰ শস্য শুৰ পোকে নষ্ট কৰিছে । লহপহকৈ বাঢ়ি অহা ধান গছ একোজোপাত 40-50 টাকৈ শুৰ পোক পৰা পৰিলক্ষিত হৈছে । পোকবিধে একেৰাহে ধানৰ গুৰি লৈকে খাই নষ্ট কৰে ।

কৃষকৰ অভিযোগ অনুসৰি, 7 ছেপ্টেম্বৰৰ বিয়লি ভাগত এনে পোক এডৰা মাটিত প্ৰত্যক্ষ কৰিছিল স্থানীয় এজন কৃষকে । ইয়াৰ পিচতে নিশাৰ ভিতৰত দৰিয়াজানত কেইবা বিঘা ভূমিৰ শস্য খাই অনিষ্ট কৰে পোকে । একেদৰে ঐতিহাসিক ৰহঢলা পথাৰতো শ শ বিঘা ভূমি এফালৰ পৰা খাই নষ্ট কৰিছে পোকে ।

প্ৰায় 2000 বিঘা ভূমিৰে বিশাল ৰহঢলা পথাৰৰ প্ৰায় 100 বিঘা ভূমিত শুৰ পোকে খাই নষ্ট কৰাৰ পিচত বাকী থকা ভূমি কিদৰে সুৰক্ষিত কৰিব সেয়া কৃষকসকলৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান ৰূপে থিয় দিছে ।

আনহাতে, কৃষকৰ এই সমস্যাৰ বিষয়ে সমষ্টিটোৰ বিধায়ক মৃণাল শইকীয়াক অৱগত কৰাৰ লগে লগে জিলা কৃষি বিষয়াক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে । সেই অনুসৰি জিলা কৃষি বিষয়া,ক্ষেত্ৰ বিষয়া অঞ্চল সমূহত উপস্থিত হৈ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰে আৰু যাবতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছে ।

লগতে পঢ়ক : অখিল গগৈৰ আহ্বানৰ পিচতেই আলোচনাত মিলিত হ’ল 70 সংগঠনৰ নেতৃত্ব

Last Updated : Sep 9, 2020, 4:44 PM IST

ABOUT THE AUTHOR

...view details