অসম

assam

ETV Bharat / state

শোধনাগাৰৰ ভিতৰত গজৰাজৰ সদম্ভ বিচৰণ - নুমলীগড়ত হাতী-মানুহৰ সংঘাত

নুমলীগড় শোধনাগাৰত দিন দুপৰতে ওলাল বনৰীয়া হাতী ৷ তাণ্ডৱ চলালে শোধনাগাৰৰ চৌহদত ৷

দিন দুপৰতে ওলাল হাতী

By

Published : Nov 16, 2019, 3:14 PM IST


নুমলীগড়, 16 নৱেম্বৰ:অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ এইবাৰ দিন দুপৰতে নুমলীগড় শোধনাগাৰৰ চৌহদত প্ৰৱেশ বন্য হস্তীৰ ৷

দুখনকৈ মটৰচাইকেল লণ্ডভণ্ড

পুৱাৰ ভাগত এটা বন্যহস্তী অতৰ্কিতে প্ৰৱেশ কৰে নুমলীগড় শোধনাগাৰ চৌহদত ৷ চৌহদত প্ৰৱেশ কৰি দুখনকৈ মটৰচাইকেল ভাঙি লণ্ডভণ্ড কৰে হাতীটোৱে । এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় শোধনাগাৰ চৌহদত ৷

হাতীটোক খেদিবলৈ বন বিভাগ আৰু শোধনাগাৰ কৰ্তৃপক্ষই চেষ্টা অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত চৌহদতে বিচৰণ কৰি আছে হতীটোৱে ৷

নুমলীগড় শোধনাগাৰত দিন দুপৰতে হাতীৰ তাণ্ডৱ

উল্লেখ্য যে, নুমলীগড়ত দিনক দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷ তৎসত্বেও বন বিভাগে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক:অসমৰ পৰ্যটনৰ নতুন সম্ভাৱনা কলিয়াবৰ

ABOUT THE AUTHOR

...view details