অসম

assam

ETV Bharat / state

অব্যাহত আছে হস্তী-মানৱ সংঘাতঃ খাদ্যৰ সন্ধানত জনাঞ্চললৈ বন্যহস্তীৰ জাক

অঞ্চলটোত দীৰ্ঘদিনৰ পৰা আশ্ৰয় লৈ থকা হাতীৰ এটা বৃহৎ জাকে দিনৰ ভাগত চাহ বাগিচা সমূহত আশ্ৰয় লৈ থাকি সন্ধিয়া হোৱাৰ লগে লগে মুৰফুলনী, ফুলবাৰী, পুৰণিমাটিৰ লগতে ৰংবং, বকিয়াল, নাহৰচলা আদি অঞ্চলত প্ৰৱেশ কৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰি আহিছে ।

By

Published : Jul 29, 2019, 3:08 PM IST

Updated : Jul 29, 2019, 6:02 PM IST

হাতী মানুহৰ সংঘাত

গোলাঘাট, 29 জুলাইঃ গোলাঘাটৰ নুমলীগড়ত ভয়াৱহভাৱে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত । নিশাটো বাদেই এতিয়া দিনৰ ভাগতো জাকে জাকে বন্যহস্তী ওলাই আহিছে জনাঞ্চললৈ ৷ খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকে চলায় গৈছে উপদ্ৰৱ । মুৰফুলনী আৰু নুমলীগড় ব্লক গাঁও অঞ্চলত প্ৰৱেশ কৰা ১৫-২০ টা হাতীৰ এটা জাকে অঞ্চলটোত দীর্ঘদিনে চলায় আহিছে উপদ্ৰৱ । খেতি পথাৰ,ঘৰ-বাৰী ভাঙি, তহিলং কৰিছে হাতী জাকটোৱে । আনহাতে দেওবাৰে নিশা হাতীৰ জাকৰ পৰা ওলাই অহা এটা হাতীয়ে নুমলীগড় ব্লক গাঁও প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনী ঘৰ ভাঙি, ভিতৰত থকা চাউল, দালি খাই অনিষ্ট কৰাৰ লগতে আচবাব ভাঙি লণ্ডভণ্ড কৰে ।

হাতী মানুহৰ সংঘাত

অঞ্চলটোত দীৰ্ঘদিনৰ পৰা আশ্ৰয় লৈ থকা হাতীৰ এটা বৃহৎ জাকে দিনৰ ভাগত চাহ বাগিচা সমূহত আশ্ৰয় লৈ থাকি সন্ধিয়া হোৱাৰ লগে লগে মুৰফুলনী, ফুলবাৰী, পুৰণিমাটিৰ লগতে ৰংবং, বকিয়াল, নাহৰচলা আদি অঞ্চলত প্ৰৱেশ কৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰি আহিছে । হাতীৰ উপদ্ৰৱৰ বাবে ইতিমধ্যে বনবিভাগক খবৰ দিছে যদিও বনবিভাগৰ লোকে হাতী খেদিবলৈ নহাৰ অভিযোগ গাঁওবাসীৰ । এনেদৰে ক্ৰমাৎ ভয়াৱহ ভাৱে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত । কিন্তু সকলো দেখিও বন বিভাগে হাতী মানুহৰ সংঘাত ৰোধৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই অভিযোগ ৰাইজৰ ৷

Last Updated : Jul 29, 2019, 6:02 PM IST

ABOUT THE AUTHOR

...view details