গোলাঘাট,১৩ জুনঃ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত গজৰাজৰ জাক । গোলাঘাট দেওপাহাৰৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা গজৰাজৰ অৱস্থান। ঘন্টা ঘন্টা ধৰি শ শ যান-বাহন আাবদ্ধ হৈ পৰে । বৃহস্পতিবাৰে সন্ধিয়াৰে পৰা গজৰাজৰ এটা বৃহৎ জাকে পোৱালি সহ ঘন্টা ঘন্টা ধৰি ধৰি এইদৰেই বন্ধ কৰি ৰাখে ঘাইপথটো । প্ৰায় 70-80 জনীয়া পোৱালীসহ থকা এটা বন্য হস্তীৰ জাকে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আাহি যান-বাহন অহা যোৱা কৰি থকাৰ বাবে আৰু নুমলীগড় শোধনাগাৰৰ দেৱালৰ বাবে দিশহাৰা হৈ প্ৰায় দু-ঘন্টা সময় বন্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথটো ।
গোলাঘাটৰ ৰাজপথত গজৰাজৰ জাক - ৰাষ্ট্ৰীয় ঘাইপথ
গোলাঘাট দেওপাহাৰৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা গজৰাজৰ অৱস্থান । ঘন্টা ঘন্টা ধৰি আাবদ্ধ হৈ পৰিল শ শ যান-বাহন ।
৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেদি অহা-যোৱা কৰোতে সাৱধান !
ইফালে দীর্ঘদিনে বিভিন্ন অঞ্চল ৰংবং, বকিয়াল, মৰঙি, ধলাগুৰি, শ্যামৰায় পুৰ , ফুলনীবাৰী আদি অঞ্চলত দিনে নিশাই উপদ্ৰৱ কৰি আহিছে । ঘৰ দুৱাৰ ভাঙি ,খেতি পথাৰ খাই গছকি তহিলং কৰাৰ লগতে 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অৱস্থান কৰি আতংকময় পৰিৱেশৰ সৃষ্টি কৰে । বৰ্তমানেও হাতীৰ জাকটোৱে আশ্ৰয় লৈ আছে ঘাইপথৰ কাষতে লাগি থকা নুমলীগড় চাহবাগিচাত । ইফালে হাতীৰ জাকটোৱে গাঁও অঞ্চলত পুনৰ প্ৰৱেশ কৰি সন্ত্ৰাস সৃষ্টি কৰাৰ আকাংশা প্ৰকাশ স্থানীয় ৰাইজৰ ।