গোলাঘাট, 22 অক্টোবৰ: গোলাঘাটত শক্তি বিভাগৰ আজৱ কাণ্ড। এক নোহোৱা নোপজা ঘটনা সংঘটিত হৈছে গোলাঘাটৰ আঠখেলীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত বাৰিচোৱা বুঢ়া গাঁৱত ৷ বিদ্যুতৰ খুটা নোপোতাকৈ তথা তাঁৰ নলগোৱাকৈয়ে এবছৰৰ পূৰ্বে গ্ৰাহকৰ গৃহত সংস্থাপন কৰা হ'ল বিদ্যুতৰ মিটাৰ বক্স ৷ এই মিটাৰ বক্সক কেন্দ্ৰ কৰি শংকিত হৈ পৰিছে গাঁৱখনৰ ৰাইজ ৷
গোলাঘাটত শক্তি বিভাগৰ আজৱ কাণ্ড - বাৰিচোৱা বুঢ়া গাঁৱ
বিদ্যুৎ সংযোগৰ এবছৰ পূ্ৰ্বেই সংস্থাপন কৰিলে মিটাৰ ৷ বিদ্যুতৰ খুটা নোপোতাকৈ তথা তাঁৰ নলগোৱাকৈয়ে এবছৰৰ পূৰ্বে গ্ৰাহকৰ গৃহত সংস্থাপন কৰা হ'ল বিদ্যুতৰ মিটাৰ বক্স ৷ এই মিটাৰ বক্সক কেন্দ্ৰ কৰি শংকিত হৈ পৰিছে গাঁৱখনৰ ৰাইজ ৷
ঘটনা অনুসৰি গাওঁখনৰ প্ৰায় চল্লিশটা পৰিয়ালৰ বাসগৃহত প্ৰায় এবছৰৰ পূৰ্বে স্থাপন কৰা হৈছিল বিদ্যুতৰ মিটাৰ ৷ বিদ্যুৎ সংযোগ হ'ব,পোহৰৰ মুখ দেখিব বুলি যোৱা এটা বছৰে অপেক্ষা কৰিলে গাওঁবাসীয়ে । কিন্তু আজিও গাওঁখনত হোৱা নাই বিদ্যুৎ সংযোগ ৷ যোৱা প্ৰায় এমাহৰ পৰা গাঁওখনত খুটা পুতিবলৈ আৰম্ভ কৰিছেহে। আজিও সংযোগ কৰা নাই তাঁৰ,স্থাপন কৰা নাই ট্ৰেন্সফৰ্মাৰ ৷ এবছৰৰ পূৰ্বে মিটাৰ স্থাপন কৰাত এতিয়া গাঁওবাসী শংকিত হৈ পৰিছে ৷ তেওঁলোকৰ ভয় বিদ্যুতৰ পোহৰ লাভ নকৰাকৈয়ে ভৰিব লাগিব নেকি বিদ্যুতৰ বিল ! সহজ সৰল গাঁওবাসীয়ে ইয়াকে লৈ চিন্তিত হৈ পৰিছে। ৰাইজৰ প্ৰশ্ন নৰেন্দ্ৰ মোডী চৰকাৰে ডিজিটেল ইণ্ডিয়াৰ কথা কয়,বিদ্যুতৰ পোহৰে উজ্বলাই তোলাৰ শ্লগান দিয়ে। পৰিৱৰ্তনৰ শ্ল'গান দিয়ে,আধুনিক ভাৰত নিৰ্মাণৰ শ্ল'গান দিয়ে ৷ কিন্তু বাৰিচোৱাৰ বুঢ়া গাওঁ খনেই এই চৰকাৰৰ উন্নয়নৰ নগ্ন স্বৰূপটো উদঙাই দিছে ৷
লগতে চাওকঃকোকৰাঝাৰত নকল টকা বিতৰণ কৰি ৰঙাঘৰৰ আলহী গাঁও পঞ্চায়তৰ সদস্য