গোলাঘাট, 2 আগষ্ট : মঙলবাৰে পুৱতি নিশালৈকে আয়কৰ বিভাগৰ আৰু ED ৰ অভিযান চলিল গোলাঘাট জিলাৰ আধাৰসত্ৰৰ চুপাৰি ব্যৱসায়ী আব্দুল হান্নান ওৰফে বাবলুৰ বাসগৃহত। জানিব পৰা মতে আয়কৰ আৰু ED ৰ এটা বৃহৎ দলে মঙলবাৰৰ পৰা পুৱা ৭ বজাৰ পৰা নিশা ১২ বজালৈকে বাৰ্মিজ চুপাৰিৰ সদাগৰ বাবলুৰ বাসগৃহত তীব্ৰ অভিযান চলাই বহু নথিপত্ৰ তথা তথ্য সংগ্ৰহ কৰে ৷ অৱশ্য়ে সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই অভিযানকাৰী দল দুটাই ৷
ইফালে অভিযান চলোৱা সময়চোৱাত বাবলু ঘৰত নাছিল যদিও বাসগৃহটোত থকা আন লোকসকলৰ উপস্থিতিত অভিযান চলোৱা হৈছিল ৷ উল্লেখ্য যে, আব্দুল হান্নান ওৰফে বাবলুৱে বাৰ্মিজ চুপাৰিৰ চিণ্ডিকেটৰ এক বৃহৎ সাম্ৰাজ্য গঢ় দিছিল গোলাঘাটৰ আধাৰ সত্ৰকে ধৰি বিভিন্ন স্থানত ৷
ইয়াৰ পিচতে আয়কৰ আৰু ED য়ে গোপন সূত্ৰৰ পম খেদি কৰ ফাঁকিৰে বাবলুৱে আৰু ক’ত ক’ত কিদৰে সা-সম্পত্তি গঢ় দিছে সকলো তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰিছে ৷ আনহাতে বঙাইগাঁৱত এটা গোচৰত ২০২১ চনতে আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছিল বাৰ্মিজ চুপাৰি সদাগৰ বুলি অভিযোগ থকা আব্দুল হান্নান ওৰফে বাবলু।