গোলাঘাট,5 ফেব্ৰুৱাৰী:অসম নাগালেণ্ডৰ সীমান্তৱৰ্তী গোলাঘাট মেৰাপানীত পুনৰ জব্দ কৰা হৈছে বুজন পৰিমাণৰ নিষিদ্ধ নিচাযুক্ত টেবলেট ৷ মঙলবাৰে চিআৰপিএফৰ এটা দলে অতৰ্কিতে অভিযান চলাই চিআৰপিএফ চাউনীৰ সমীপৰে মুজিবুৰ ৰহমান নামৰ লোকজনৰ বাসগৃহৰ পৰা জব্দ কৰে এই নিষিদ্ধ টেবলেটসমূহ । স্পাচম' প্ৰক্সীভান আৰু নাইট্ৰচান নামৰ নিচাযুক্ত টেবলেটসমূহ গোপনে চুবুৰীয়া নাগালেণ্ডলৈ প্ৰেৰণ কৰাৰ বাবে নিজ গৃহতে মজুত কৰি ৰাখিছিল ড্ৰাগছ ব্যৱসায়ী মুজিবুৰ ৰহমানে । অৱশ্যে চিআৰপিএফৰ আগমনৰ লগে লগেই মূল অভিযুক্ত মুজিবুৰ ৰহমানৰ লগতে পৰিয়ালৰ আন সদস্য সকলে ঘৰ এৰি পলায়ন কৰে । আৰক্ষীৰ সূত্ৰ অনুসৰি জব্দকৃত চাৰিহাজাৰ নিচাযুক্ত টেবলেটৰ ক'লা বজাৰত মূল্য প্ৰায় ৮০ হেজাৰ টকা । জব্দকৃত টেবলেট সমূহ চিআৰপিএফে পাছত মেৰাপানী আৰক্ষীক গতাই দিয়ে ।
গোলাঘাটত জব্দ নিষিদ্ধ নিচাযুক্ত টেবলেট - গোলাঘাট মেৰাপানীত নিষিদ্ধ নিচাযুক্ত টেবলেটসহ আটক ড্ৰাগছ ব্যৱসায়ী
গোলাঘাট মেৰাপানীত চিআৰপিএফৰ দল অভিযানত নিষিদ্ধ নিচাযুক্ত টেবলেটসহ আটক ড্ৰাগছ ব্যৱসায়ী ৷
গোলাঘাটত জব্দ নিষিদ্ধ নিচাযুক্ত টেবলেট
TAGGED:
golaghat drugs recover