অসম

assam

ETV Bharat / state

মৃত পুত্ৰৰ ফটো বুকুত সাৱতি আৰক্ষীৰ কাষত মাতৃ

ড্ৰাগছৰ ঘাটিত মৃত্যু হোৱা গোলাঘাট নগৰৰ চাণ্ডমাৰীৰ সঞ্জীৱ গোস্বামীৰ ন্যায় বিচাৰি আৰক্ষীৰ ওচৰত মাতৃ, আৰক্ষীয়েও আৰম্ভ কৰিছে জোৰদাৰ তদন্ত

পুত্ৰৰ ন্যায় বিচাৰি গোলাঘাট আৰক্ষীৰ ওচৰত মাতৃ

By

Published : Jun 11, 2019, 2:57 PM IST

গোলাঘাট,১১জুন: গোলাঘাট সদৰ আৰক্ষী থানাত মৃত সন্তানৰ ফটো বুকুত সাৱতি দুৰ্ভগীয়া মাতৃৰ হিয়াভগা কান্দোন । 23 বছৰীয়া সন্তানক হেৰুৱাই এতিয়া ন্যায়ৰ আশাত আৰক্ষীৰ ওচৰ চাপিছে দুৰ্ভগীয়া মাতৃয়ে ।

পুত্ৰৰ ন্যায় বিচাৰি গোলাঘাট আৰক্ষীৰ ওচৰত মাতৃ


ঘটনা অনুসৰি, দেওবাৰে গোলাঘাট নগৰৰ চাণ্ডমাৰীৰ সঞ্জীৱ গোস্বামী নামৰ এজন যুৱকৰ মৃত্যু হৈছিল জ্যোতি নগৰৰ 'জজ' নামৰ এটা ড্ৰাগছৰ ঘাটিত । দীৰ্ঘদিন ধৰি সঞ্জীৱে ড্ৰাগছৰ ঘাটিটোত সেৱণ কৰি আহিছিল ড্ৰাগছ । এই ড্ৰাগছ সেৱণ কৰাৰ ফলত সঞ্জীৱৰ স্বাস্থ্যৰ অৱনতি ঘটাত মাতৃয়ে বহু কষ্টেৰে গুৱাহাটীত চিকিৎসা কৰাই সুস্থ কৰি তুলিছিল । সুস্থ হৈ সঞ্জীৱ ঘৰলৈ উভতি অহাৰ পাছত ড্ৰাগছৰ ঘাটিত বন্ধকত থৈ অহা মোবাইল ফোনটো আনিবলৈ গৈছিল । কিন্তু বন্ধকৰ মোবাইল বিচাৰি যোৱা সঞ্জীৱক ড্ৰাগছ ঘাটিটোৰ ব্যৱসায়ী জজ আৰু তেওঁৰ ভাতৃয়ে গুৰুতৰ ভাৱে প্ৰহাৰ কৰাত যুৱকজনে মৃত্যু হয় বুলি অভিযোগ উত্থপন কৰে যুৱকজনৰ মাতৃয়ে । ইফালে, যুৱকজনৰ মৃতদেহটো এখন ৰিক্সাত চিকিৎসালয়লৈ অনা হয় বুলি মাতৃয়ে মন্তব্য কৰে । এই ঘটনাৰ পাছতে মংগলবাৰে পুত্ৰৰ ন্যায় বিচাৰি মাতৃ ৰুনু গোস্বামীয়ে মৃত সন্তানৰ ফটো বুকুত সাৱতি কান্দি-কান্দি গোলাঘাট সদৰ আৰক্ষী থানাত উপস্থিত হয় । মাতৃৰ অভিযোগ অনুসৰি আৰক্ষী অধীক্ষক পুস্পৰাজ সিঙে গোলাঘাটৰ বহু ড্ৰাগছৰ ঘাটিত চলাই অভিযান । এই অভিযানত আৰক্ষীৰ জালত পৰে বহুকেইটা ড্ৰাগছ ব্যৱসায়ী । ড্ৰাগছ ব্যৱসায়ীকেইটা দীপজ্যোতি সিংহ, সমীৰ আহমেদ, ৱাহিদ আলি, আমান চাহু, বিজয় ৰবিদাস, আব্দুল কাদিৰ আৰু আব্দুল ৰাজীৱ বুলি জানিব পৰা গৈছে । কিন্তু কুখ্যাত ড্ৰাগছ মাফিয়া তথা সঞ্জীৱ হত্যাৰ অভিযুক্ত জজ বৰ্তমানলৈকে পলাতক । আৰক্ষীয়ে জজৰ ভাতৃ অকণি আৰু জীবন গগৈক ইতিমধ্যে আটক কৰিছে ।

ABOUT THE AUTHOR

...view details