অসম

assam

ETV Bharat / state

ড্ৰাগছৰ ঘাটিত নিহত গোলাঘাটৰ যুৱক

সঞ্জীৱক অতি কষ্টৰে মাতৃয়ে গুৱাহাটীত চিকিৎসা কৰি সুস্থ কৰি তুলিছিল ।  সুস্থ হৈ ঘৰলৈ অহাৰ পাছত পূৰ্বতে ড্ৰাগছৰ ঘাটিত বন্ধকত থৈ অহা মোবাইল আনিবলৈ গৈছিল সঞ্জীৱে ।

ড্ৰাগছৰ ঘাটিত নিহত গোলাঘাটৰ যুৱক

By

Published : Jun 9, 2019, 7:45 PM IST

গোলাঘাট,৯জুন : গোলাঘাটত শোকাৱহ ঘটনা । ড্ৰাগছৰ ঘাটিত এজন যুৱকক হত্যা কৰাৰ অভিযোগ যুৱকৰ পৰিয়ালৰ ।

ড্ৰাগছৰ ঘাটিত নিহত গোলাঘাটৰ যুৱক


ঘটনা অনুসৰি, গোলাঘাট চান্দমাৰিৰ বাসিন্দা ৰুনু গোস্বামীৰ পুত্ৰ সঞ্জীৱ গোস্বামীয়ে দীৰ্ঘদিন ধৰি সেৱন কৰি আহিছিল ড্ৰাগছ । জ্যোতি নগৰৰ 'জজ' নামৰ ড্ৰাগছৰ ঘাটিটোত ড্ৰাগছ সেৱণ কৰি অহাৰ বাবে অসুস্থ হৈ পৰিছিল সঞ্জীৱ । সঞ্জীৱক অতি কষ্টৰে মাতৃয়ে গুৱাহাটীত চিকিৎসা কৰি সুস্থ কৰি তুলিছিল । সুস্থ হৈ ঘৰলৈ অহাৰ পাছত পূৰ্বতে ড্ৰাগছৰ ঘাটিত বন্ধকত থৈ অহা মোবাইল আনিবলৈ গৈছিল সঞ্জীৱে । বন্ধকৰ মোবাইল বিচৰাৰ বাবেই ড্ৰাগছ ঘাটিটোৰ ব্যৱসায়ী জজ আৰু তেওঁৰ ভাতৃয়ে গুৰুতৰ ভাৱে প্ৰহাৰ কৰাত যুৱকজনে মৃত্যুক আকোৱালি লয় বুলি অভিযোগ উত্থাপন কৰে যুৱকজনৰ পৰিয়ালে । মৃত যুৱকজনক এখন ৰিক্সাত উঠাই চিকিৎসালয়লৈ আনি থাকোতে মাতৃৰ দৃষ্টি গোচৰ হয় । মৃত যুৱকজনক চিকিৎসালয়ত পেলাই থৈ পলায়ন কৰে হত্যাকাৰীৰ দলটোৱে । ইতিমধ্যে মাতৃয়ে গোলাঘাট আৰক্ষী থানাত গোচৰ তৰিছে যদিও বৰ্তমানলৈকে পলাতক হত্যাকাৰীৰ দলটো ।

ABOUT THE AUTHOR

...view details