অসম

assam

ETV Bharat / state

পতাকা উত্তোলনেৰে সামৰণি পৰিল গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী - সামাজিক দূৰত্ব বজাই

কভিড-19 ৰ বাবে ৰঙালীত ৰঙীন নহল ৰাজ্যবাসী ৷ চৰকাৰৰ নিৰ্দেশ অনুসৰি কেৱল পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন কৰিয়ে সামৰণি মাৰিছিল সকলো ধৰাণৰ সাংস্কৃতিক অনুষ্ঠান ৷ 48 তম বৰ্ষত ভৰি দিয়া গোলাঘাটৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীখনিৰ অনুষ্টুপীয়া বিহু উদযাপন ৷

Golaghat draigung bihu sanmillan
পতাকা উত্তোলন মাজেৰেই সামৰণি পৰিল গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী

By

Published : May 3, 2020, 11:30 AM IST

গোলাঘাট, 3 মে' : মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে বাতিল কৰা হৈছে ৰাজ্যৰ ৰঙালী বিহুৰ সকলো সাংস্কৃতিক অনুষ্ঠান ৷ কেৱল সীমিত সংখ্যক লোকৰ দ্ধাৰা পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন কৰিয়ে সমাপ্ত কৰিছিল ৰঙালী বিহুৰ সকলো কাৰ্যসূচী ৷

সমান্তৰালভাৱে গোলাঘাট জিলাৰ দৈগ্ৰোঙ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰো সকলো ধৰণৰ অনুষ্ঠান বাতিল কৰা হৈছে ৷ চলিত বৰ্ষত 48 তম বৰ্ষত ভৰি দিয়া বিহু সন্মিলনীখনিয়ে কেৱলমাত্ৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পন অনুষ্ঠানেৰে সমাপ্ত কৰে বিহুৰ কাৰ্যসূচী ৷ কেইজনমান বিষয়ববীয়াই পৰম্পৰাগত ভাৱে সামাজিক দূৰত্ব বজাই এফাকি বিহু নামেৰে সমাপ্ত কৰে কাৰ্যসূচী ৷

পতাকা উত্তোলন মাজেৰেই সামৰণি পৰিল গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী

উল্লেখযোগ্য যে, চলিত বৰ্যত সন্মিলনীখনিৰ সাংস্কৃতিক অনুষ্ঠানৰ অতিথি আছিল জনপ্ৰিয় গায়ক দীক্ষু ৷

লগতে পঢ়ক : হাজোত গৰু চুৰিৰ সন্দেহত তিনিজনক গণপ্ৰহাৰ

ABOUT THE AUTHOR

...view details