অসম

assam

ETV Bharat / state

গোলাঘাটত যৌতুকৰ দাবীত বোৱাৰীক হত্যাৰ চেষ্টা

গোলাঘাটত যৌতুকৰ দাবীত বিবাহৰ এসপ্তাহৰ পাছতেই বোৱাৰীক অকথ্য নিৰ্যাতন, শহুৰ - শাহুৰ আৰু স্বামীয়ে মিলি হত্যাৰ চেষ্টা, আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকা

By

Published : Aug 3, 2019, 8:45 PM IST

গোলাঘাটত যৌতুকৰ দাবীত বোৱাৰীক হত্যাৰ চেষ্টা

গোলাঘাট, 3 আগষ্টঃ গোলাঘাটত যৌতুকৰ দাবীত বিবাহৰ এসপ্তাহৰ পাছতেই বোৱাৰীক অকথ্য নিৰ্যাতন ৷ অভিযোগ মতে, জিলাখনৰ কঁহৰা আৰক্ষী থানাৰ অন্তৰ্গত দ গাঁৱৰ যোগানন্দ গগৈ নামৰ এজন লোকে যোৱা 25 ফেব্ৰুৱাৰীত মৃদুলা বৰাৰ সৈতে সামাজিকভাৱে বিবাহপাশত আৱদ্ধ হৈছিল ৷ কিন্তু বিয়াৰ এসপ্তাহৰ পাছতেই যৌতুক দাবী কৰি শাৰীৰিক মানসিকভাৱে অকথ্য নিৰ্যাতন চলোৱা আৰম্ভ কৰিছিল স্বামী যোগানন্দ গগৈৰ লগতে শহুৰ ধীৰেন গগৈ আৰু শাহু মঞ্জু গগৈয়ে ৷ উল্লেখযোগ্য যে, যোৱা 27 জুলাইত স্বামী আৰু শহুৰ শাহুৱে মিলি এটা কোঠাত দৰ্জা মাৰি মহিলা গৰাকীক শাৰীৰিক ভাৱে নিৰ্যাতন চলাই হত্যাৰ চেষ্টা কৰে ৷ ইয়াৰ পাছতে মহিলা গৰাকীৰ পৰিয়ালে ঘটনাৰ বিষয়ে জানিব পাৰি প্ৰথমে কঁহৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক সহায় কৰাৰ বাবে আহবান জনাই ৷ কিন্তু আৰক্ষী বিষয়া জনে উলোটাই অভিযোগ দিবলৈ যোৱা সকলকহে ধমকি দিয়ে বুলি ভাতৃ ৰমেন বৰাই জানিবলৈ দিয়ে । আনহাতে বৰ্তমান গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত মৃদুলা বৰা চিকিৎসাধীন হৈ আছে ৷ এনে পৰিস্থিতিত কঁহৰা আৰক্ষীয়ে নিৰ্যাতনকাৰী স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷

গোলাঘাটত যৌতুকৰ দাবীত বোৱাৰীক হত্যাৰ চেষ্টা

ABOUT THE AUTHOR

...view details