অসম

assam

ETV Bharat / state

গোলাঘাটত ম'বাইল বাৰ্তাৰ দ্বাৰা পৰিচালনা হৈছে পশু স্বাস্থ্য সেৱা

খুমটাই চংকলা ৰাজ‍্যিক পশু চিকিৎসলয়খনৰ চিকিৎসা কৰ্মীসকলে বিভিন্ন অজুহাতেৰে পশুধনৰ চিকিৎসাৰ পৰা আঁতৰি থকা বুলি অৱগত কৰে পশুপালকজনে ৷ যাৰ বাবে গাহৰিৰ শৰীৰত দেখা দিয়া ৰোগ চিহ্নিত কৰি সেৱা আগবঢ়োৱাত সমস্যাৰ সন্মুখীন হৈছে পশুপালক ৷ মুঠতে চিকিৎসক, ক্ষেত্ৰ সহায়কৰ অবিহনে নিজৰ পশুধন ৰক্ষা কৰাৰ প্ৰচেষ্টা চলাইছে পশুপালক সকলে।

Golaghat doctors are helping people how to care pig through mobile
গোলাঘাটত মোবাইল বাৰ্তাৰ দ্বাৰা পৰিচালনা হৈছে পশু স্বাস্থ্য সেৱা

By

Published : May 12, 2020, 3:08 PM IST

গোলাঘাট, 12 মে' : ৰাজ্যত পশুপালকসকলে নিজেই দায়িত্ব বহন কৰিবলগীয়া হৈছে চিকিৎসকৰ। গাহৰি ৰোগৰ সংক্ৰমণৰ ভয়ত এতিয়া ম'বাইল ফ'নৰ জৰিয়তে গাহৰিক চিকিৎসা প্ৰদান কৰিছে গোলাঘাটৰ একাংশ পশু চিকিৎসক অথবা সহায়কে ৷ জানিব পৰা মতে, গোলাঘাটৰ খুমটাইৰ উদ‍্যমী পশুপালক ৰঞ্জিত গগৈয়ে পশু চিকিৎসকসকলক বাৰে-বাৰে ফোন কৰি কোনো সহাঁৰি নোপোৱাৰ পাছত নিজে গাহৰিক বেজি দি চিকিৎসকৰ দায়িত্ব বহন কৰিবলগীয়া হৈছে ৷

লগতে পঢ়ক : যাত্ৰীবাহী ৰে'লৰ পুনৰ চলাচলৰ বাবে সম্পূৰ্ণ সাজু ভাৰতীয় ৰে'লৱে !

খুমটাই চংকলা ৰাজ‍্যিক পশু চিকিৎসলয়খনৰ চিকিৎসা কৰ্মীসকলে বিভিন্ন অজুহাতেৰে পশুধনৰ চিকিৎসাৰ পৰা আঁতৰি থকা বুলি অৱগত কৰে পশুপালকজনে ৷ যাৰ বাবে গাহৰিৰ শৰীৰত দেখা দিয়া ৰোগ চিহ্নিত কৰি সেৱা আগবঢ়োৱাত সমস্যাৰ সন্মুখীন হৈছে পশুপালক ৷ মুঠতে চিকিৎসক, ক্ষেত্ৰ সহায়কৰ অবিহনে নিজৰ পশুধন ৰক্ষা কৰাৰ প্ৰচেষ্টা চলাইছে পশুপালক সকলে ।

গোলাঘাটত মোবাইল বাৰ্তাৰ দ্বাৰা পৰিচালনা হৈছে পশু স্বাস্থ্য সেৱা

ক্ৰমান্বয়ে বৃদ্ধি পাইছে গাহৰিৰ মৃত্যুৰ সংখ্যা । গোলাঘাটৰ খুমটাই শাওঁতলীটো গাহৰিৰ মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত চিন্তিত হৈছে পশুপালকসকল ৷ লগতে মন্ত্ৰী অতুল বৰাৰ গৃহ জিলাৰ পশু চিকিৎসালয়ৰ এনেধৰণৰ কাৰ্যই অধিক শংকিত কৰিছে পশুপালকসকলক ৷

ABOUT THE AUTHOR

...view details