গোলাঘাট, 3 ছেপ্তেম্বৰঃ নিৰাপত্তাহীনতাত ভুগিছে ৰাজ্যৰ একাংশ চিকিৎসক ৷ টীয়কৰ চাহ বাগিছা এদল উন্মাদ আৰু বিকৃত মানসিকতাৰ লোকে এগৰাকী চিকিৎসকক মৰিয়াই মৰিয়াই হত্যা কৰাৰ পিচতে ৰাজ্যৰ আন এগৰাকী চিকিৎসকে গ্ৰহণ কৰে চৰম সিদ্ধান্ত ৷
নিৰাপত্তাহীনতাত গোলাঘাটৰ চিকিৎসকৰ চৰম সিদ্ধান্ত - চৰম সিদ্ধান্ত
নিৰাপত্তাহীনতাত ভূুগিছে ৰাজ্যৰ একাংশ চিকিৎসক ৷ টীয়কৰ চাহ বাগিছাত একাংশ বিকৃত মানসিকতাৰ লোকে এগৰাকী চিকিৎসকক মৰিয়াই মৰিয়াই হত্যা কৰাৰ পিচত চৰম সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যৰ আন এগৰাকী চিকিৎসকে ৷

এইবাৰ গোলাঘাটৰ পৰা পদত্যাগ কৰিছে আন এগৰাকী চিকিৎসকে ৷ চিকিৎসক দেৱেন দত্তৰ হত্যাকাণ্ডৰ পিচতে নিৰাপত্তাহীনতাত ভুগি চিকিৎসা সেৱাৰ পৰা অব্যাহতি ল'লে অজয় কাকতি নামৰ চিকিৎসকগৰাকীয়ে ৷ গোলাঘাটৰ নুমলীগড় চাহ বাগিছাত চিকিৎসক হিচাপে কৰ্মৰত আছিল ডাঃ অজয় কাকতি ৷ টীয়কত একাংশ উন্মাদ লোকে দেৱেন দত্তক হত্যা কৰাৰ পিচতে নিৰাপত্তাহীনতাত ভুগি এই সিদ্ধান্ত গ্ৰহণ কৰে চিকিৎসকগৰাকীয়ে ৷ ডাঃ কাকতিয়ে ইতিমধ্যে নিজৰ কৰ্মৰ পৰা অব্যাহতি বিচাৰি বাগিছা কৰ্তৃপক্ষক প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ ৷
উল্লেখ্যে যে,গোলাঘাটৰ টীয়কৰ এখন চাহ বাগিছাত সাধাৰণ কথাতে ৰাজ্যৰ জ্যেষ্ঠ চিকিৎসক ডাঃ দেৱেন দত্তক মৰিয়াই মৰিয়াই হত্যা কৰিছিল চাহ বাগিছাৰ একাংশ লোকে ৷ যাৰ ফলত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত ৰাখিছে ৷