গোলাঘাট, 16 মাৰ্চ:সামাজিক মাধ্যমত এটা কবিতা লিখাৰ অপৰাধত কাৰাবন্দী হ’ব লগা হৈছিল গোলাঘাটৰ ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁই ৷ বৰ্ষাশ্ৰী বুঢ়া গোহাঁইয়ে ৰাষ্ট্ৰদ্ৰোহ কৰাৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি 65 দিন ধৰি বন্দী কৰি ৰাখিছিল কাৰাগাৰত ৷ কিন্তু বৃহস্পতিবাৰে বৰ্ষাশ্ৰী বুঢ়াগোহাঁক নিৰ্দোষ ঘোষণা কৰে আদালতে (Barshashree Buragohai case update) ৷
নিৰ্দোষ ঘোষণা হোৱাৰ পাচতেই বিস্ফোৰণ বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ ৷ বৰ্ষাশ্ৰীক আটক কৰাৰ পাচতেই উৰিয়ামঘাট থানাত এখন উকা কাগজত চহী কৰোৱাৰ গুৰুতৰ অভিযোগ আনিছে খোদ বৰ্ষাশ্ৰী বুঢ়াইগোহাঁইয়ে ৷ বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ এই বিস্ফোৰণক কেন্দ্ৰ কৰি এতিয়া উত্থাপন হৈছে কেতবোৰ প্ৰশ্ন ৷ উকা কাগজত বলপূৰ্বকভাৱে বৰ্ষাশ্ৰীক চহী কৰোৱাই ৰাষ্ট্ৰদ্ৰোহী সজোৱাৰ কূটকৌশল ৰচনা কৰিছিল নেকি আৰক্ষীয়ে ? নে ক্ষমাতৰ অপপ্ৰয়োগ কৰি অসম আৰক্ষীয়ে কৰিছিল এনে কাম ? আৰক্ষীয়ে আক্ৰোশমূলকভাৱে গ্ৰেপ্তাৰ কৰিছিল বুলিও অভিযোগ উত্থাপন কৰিছে বৰ্ষাশ্ৰীয়ে ৷
স্মৰ্তব্য যে, 2022 বৰ্ষৰ 18 মে’ত বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত বৰ্ষাশ্ৰীক গোলাঘাটৰ উৰিয়ামঘাটৰ এগৰাকী বান্ধৱীৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ পৰৱৰ্তী পৰ্যায়ত বৰ্ষাশ্ৰীক প্ৰেৰণ কৰা হয় গোলাঘাট জিলা কাৰাগাৰলৈ ৷ বৰ্ষাশ্ৰীক কাৰাগাৰলৈ প্ৰক্ষেপ কৰাৰ পাচতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া ৷ সমান্তৰালভাৱে উত্থাপন হৈছিল বৰ্ষাশ্ৰীক মুকলি কৰি দিয়াৰ দাবী (Barshashree Buragohain news update) ৷