সৰুপথাৰ, 8 আগষ্ট :ছেমি ফাইনেলত পৰাজয় বৰণ কৰিও অসমৰ বাবে অলিম্পিকত নতুন যুগৰ সূচনা কৰিলে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে । অসমৰ পৰা প্ৰথমবাৰৰ বাবে বিশ্ব ক্ৰীড়াৰ মহাৰণ অলিম্পিকলৈ গৈ মাত্ৰ 23 বছৰ বয়সতেই আঁজুৰি আনিলে ব্ৰঞ্জৰ পদক ৷ লাভলীনাৰ সফলতাত সমগ্ৰ ভাৰতবাসীৰ লগতে অসমবাসীও উৎফুল্লিত হৈ পৰিছে ৷
দেওবাৰে লাভলীনাৰ বাসগৃহত উপস্থিত হৈ পিতৃ-মাতৃক সম্বৰ্ধনা জনালে গোলাঘাট জিলাৰ উপায়ুক্তসহ জিলা প্ৰশাসনৰ এটি দলে ৷ দেওবাৰে লাভলীনা বৰগোহাঁইৰ ধনশিৰি মহকুমাৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱত থকা বাসগৃহত উপস্থিত হৈ খেলুৱৈ গৰাকীৰ পিতৃ-মাতৃক অভিনন্দন জ্ঞাপন কৰে গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ নেতৃত্বত যোৱা এটা দলে ৷
উপায়ুক্ত গৰাকীৰ লগত যোৱা দলটোত আছিল ধনশিৰি মহকুমাৰ মহকুমাধিপতি ৰাহুল জাভিৰ সুৰেশ আৰু জিলা তথা মহকুমা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া ৷ প্ৰশাসনৰ তৰফৰ পৰা খেলুৱৈগৰাকীৰ পিতৃ টিকেন বৰগোঁহাই আৰু মাতৃ মামণি বৰগোঁহাইক একোখনি ফুলাম গামোচা আৰু এখনি শৰাইৰে সম্ভাষণ জনোৱা হয় ৷