গোলাঘাট, 10 নৱেম্বৰ: ধনশিৰি নৈৰ খহনীয়াই ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে গোলাঘাট জিলাৰ কমাৰগাঁৱৰ কাৰনিহোলাত ৷ অঞ্চলটোত ধনশিৰি নৈৰ তীব্ৰ খহনীয়াই বহুলোকৰ ঘৰ মাটি ভেটিৰ ওপৰিও খেতি মাটি নৈ খনৰ বুকুত সামৰি লোৱাত খৰালিতো আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ অঞ্চলতটোত বৰ্তমান পূৰ্বতকৈ অধিক হাৰত দেখা গৈছে পৃথিৱীৰ সৰ্ববৃহৎ একা বেঁকা নদী ৰূপে খ্যাত ধনশিৰিৰ খহনীয়াৰ প্ৰকোপ ৷ আনকি অঞ্চলটোত অব্যাহত থকা ধনশিৰি নৈৰ এই অবিৰত খহনীয়াই ভাবুকি কঢ়িয়াইছে ঐতিহাসিক ধোদৰ আলিৰ লগতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথলৈও ৷ কিন্তু ইমানবোৰৰ পাছতো স্থানীয় লোকৰ অভিযোগ শুনিবলৈ আগ্ৰহী নহয় চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ ৷ বিষয়টো সন্দৰ্ভত স্থানীয় দল সংগঠন আৰু স্থানীয় ৰাইজে অতি শীঘ্ৰে চৰকাৰ তথা উৰ্ধতম কৰ্তৃপক্ষক ব্যৱস্থা ল'বৰ বাবে দাবী জনোৱাৰ লগতে তীব্ৰ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে ৷
ঐতিহাসিক ধোদৰ আলিলৈ ভাবুকি কঢ়িয়াইছে ধনশিৰিয়ে
গোলাঘাটৰ কমাৰগাঁৱত ধনশিৰি নৈৰ প্ৰবল গৰাখহনীয়া ৷ শংকিত স্থানীয় ৰাইজ ৷
ঐতিহাসিক ধোদৰ আলিলৈ ভাবুকি কঢ়িয়াইছে ধনশিৰিয়ে