অসম

assam

ETV Bharat / state

বিদায়ী দিনটোত যক্ষ্মা নিয়ন্ত্ৰণ কেন্দ্ৰ উদ্বোধন গোলাঘাট জিলা উপায়ুক্তৰ

গোলাঘাটৰ উপায়ুক্ত হিচাপে অন্তিমটো দিনত বিদায়ী উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে শুভ উদ্বোধন কৰিলে গোলাঘাট যক্ষ্মা নিয়ন্ত্ৰণ কেন্দ্ৰৰ ৷ বিগত 11 বছৰে নিৰ্মাণ হৈ নুঠা ভৱনটো বিগত 18 দিনৰ ভিতৰত সম্পূৰ্ণ হয় ভৱনটো নিৰ্মাণৰ কাম ৷

golaghat-dc-innaguarates-tb-control-care-building-on-his-last-day-of-duty
এঘাৰ বছৰে নিৰ্মাণ হৈ নুঠা যক্ষ্মা নিয়ন্ত্ৰণ কেন্দ্ৰ উদ্বোধন কৰিলে বিদায়ী উপায়ুক্তই

By

Published : May 19, 2021, 4:18 PM IST

গোলাঘাট, 19 মে’:মঙলবাৰে গোলাঘাট জিলাৰ উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে নিজৰ বিদায়ৰ দিনটোতে গোলাঘাট যক্ষ্মা নিয়ন্ত্ৰণ কেন্দ্ৰৰ নৱ নিৰ্মিত ভৱনটিৰ বুধবাৰে শুভ উদ্বোধন কৰে।

উল্লেখযোগ্য যে, সুদীৰ্ঘ ১১ বছৰে এই ভৱনটোৰ নিৰ্মাণকাৰ্য অসম্পূৰ্ণ হৈ থকাৰ পাছত বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু কিছুদিন পূৰ্বৰ তদানীন্তন স্বাস্থ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সহযোগত ভৱনটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠে ।

জানিব পৰা মতে, বিগত ১৮ দিনৰ ভিতৰত যাৱতীয় সকলো কাম কাজ সম্পূৰ্ণ কৰি মঙলবাৰে ভৱনটো ব্যৱহাৰ উপযোগ্য কৰি মুকলি কৰা হয় ৷ ইফালে, জিলা খনৰ উপায়ুক্ত বিভাস চন্দ্ৰ মোদীৰ বিদায়ৰ দিনটোতে সম্পূৰ্ণ হৈ উঠে এই ভৱনটোৰ নিৰ্মাণ কাৰ্য ।

বিভাস চন্দ্ৰ মোদীয়ে 2020 চনৰ ফ্ৰেব্ৰুৱাৰী মাহত গোলাঘাটৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল ৷ পৰৱৰ্তী সময়ত এই ভৱনটো সম্পৰ্কে গোলাঘাটৰ ডিপিএম অনুস্কা বৰা কাকতিয়ে তেওঁৰ দৃষ্টি আকৰ্ষণ কৰে ৷

আনহাতে, জিলা খনৰ উপায়ুক্ত হিচাপে কাম কৰা অন্তিমটো দিনতে আনুষ্ঠানিক ভাৱে ভৱনটো উদ্বোধন কৰি এনে এটা উল্লেখযোগ্য কাম সম্পন্ন হোৱাৰ পিছত পৰম সন্তুষ্টি লাভ কৰা বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে বিদায়ী উপায়ুক্ত গৰাকীয়ে।

লগতে পঢ়ক :নাৰদা কেলেংকাৰী: মুকুল ৰয় আৰু পোদ্দাৰৰ বিৰুদ্ধে কোনো তথ্য নাপালে চিবিআইয়ে

ABOUT THE AUTHOR

...view details